মিচিং স্বায়ত্বশাসিত পৰিষদ ১৭ নং মিংমাং সমষ্টি উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰী ক সম্বৰ্ধনা অনুষ্ঠান।
১৭নং মিংমাং সমষ্টিৰ উদ্যোগত, মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কে ক্ৰমে মিংমাং ওখমাটি আৰু কচুতলি আঞ্চলিক সমিতিৰ সহযোগত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠান খনি গোগামুখ মহৰিকেম্প স্থিত শিল্পী সৈনিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে ।
সভাত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া লগতে বিশিষ্ট ব্যক্তি সকল।
শিক্ষাৰ দিশত ছাত্ৰ ছাত্ৰী সকলকে কেনেদৰে আগবাঢ়ি যাৱ তাৰ ওপৰত ভিন্ন জনে গঠন মূলক মন্তব্য আগবঢ়ায়।
উল্লেখযোগ্য যে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক পৰিষদ তৰফৰ পৰা দহ হাজাৰ কৈ এককালীন অনুদান আগবঢ়াব , সমান্তৰাল ভাৱে যি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এশ শতাংশ হাৰে উত্তীৰ্ণ হ'ব সেই বিদ্যালয়লৈ পঞ্চাছ লাখ টকা পৰিষদ তৰফৰ পৰা অনুদান আগবঢ়াব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে।
Tags:
Awareness