মাজুলীৰ কৃতি ছাত্ৰ-ছাত্ৰীক বিধায়ক ভূবন গামৰ সম্বৰ্দ্ধনা ॥ ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত স্থানপ্ৰাপ্ত শিল্পা খনিকৰৰ লগত মতবিনিময় ছাত্ৰ-ছাত্ৰীৰ
মাজুলীৰ এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক কলা,বাণিজ্য আৰু বিজ্ঞান শাখাত সুখ্যাতি অৰ্জন কৰা ছাত্র ছাত্ৰী সকলৰ লগতে শিক্ষানুষ্ঠানৰ অধ্যক্ষ, প্ৰধান শিক্ষক সকলক অভিনন্দন জনাবলৈ বিধায়ক ভূবন গামে "বিশেষ অভিনন্দন অনুষ্ঠানৰ" আয়োজন কৰি সুখ্যাতিৰে উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায় । উক্ত অনুস্থানত ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত স্থানপ্ৰাপ্ত শিল্পা খনিকৰৰ লগত ছাত্ৰ-ছাত্ৰীৰ মতবিনিময় অনুস্থানৰো আয়োজন কৰে । ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেদৰে আগবাঢ়ি যাব লাগে আৰু কেনেদৰে সাজু হ'ব লাগে তাৰ আভাষ দি শিল্পা খনিকৰে ছাত্ৰ-ছাত্ৰীক একাগ্ৰতাৰে আহবাঢ়ি যোৱাৰ বাবে উৎসাহিত কৰে ॥
Tags:
Awareness