দুটা গোটৰ একত্ৰিত আক্ৰাছুৰ সংবাদমেলত কাতৰ আহ্বান:তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া।
অসম-পশ্চিমবঙ্গ ৰাজ্য দুখনৰ একাংশ এলেকাকলৈ প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি অহা কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ "আক্ৰাছু" ৰ দুটা গোটে একত্ৰিত হৈ আজি এক সংবাদমেল আয়োজন কৰি বহুধা বিভক্ত হোৱা আক্ৰাছু ৰ গোট সমূহক একত্ৰিত হোৱাৰ আহ্বান জনোৱা ঘটনাই তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত বাতৰিমতে কেন্দ্ৰীয় চৰকাৰবিহীন ৰাজ্য চৰকাৰে বিগত এটা বছৰ পূৰ্বে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ বিজেপি দলপ্ৰীতি একাংশ নেতাকলৈ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ চমুকৈ কে এ চি গঠন কৰি দিয়াৰ পিছত আক্ৰাছু বহুধা বিভক্ত হৈ পৰিছিল।আৰু তেতিয়াৰ পৰা সাম্প্ৰতিক সময়লৈকে কে এ চি আৰু আক্ৰাছু জনগোষ্ঠীটোৰ লগতে আন জনগোষ্ঠীৰ মাজত তীব্ৰ চোকা সমালোচনা হৈ আহিছিল ।আৰু ইয়াৰ মাজতে আক্ৰাছু ৰ দুটা গোট আৰু কোচ ৰাজবংশী জাতীয় পৰিষদে আগন্তুক দিনত তীব্ৰ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি ঘোষণা কৰাৰ পিছত আজি পুনৰ আন দুটা আক্ৰাছু ৰ গোটে একত্ৰিত হৈ নামনি অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী চিলাৰায় ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি আক্ৰাছু ৰ সকলো গোটক একত্ৰিত হবলৈ আহ্বান জনায়।আৰু উক্ত সংবাদমেলত একত্ৰিত দুয়োটা গোটে কি প্ৰকাশ কৰিছে শুনো আহক।
বঙাইগাঁওৰ পৰা প্ৰফুল্ল কুমাৰ দাস।