Share on Facebook

বঙাইগাঁও চি আৰ ইউৰ ঔষধ কোম্পানী ৰ ভিক্টিমাইজেছনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ: শ্ৰম বিষয়াক স্মাৰক পত্ৰ প্ৰদান

 বঙাইগাঁও চি আৰ ইউৰ ঔষধ কোম্পানী ৰ ভিক্টিমাইজেছনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ: শ্ৰম বিষয়াক স্মাৰক পত্ৰ প্ৰদান



এই বছৰটোত সমগ্ৰ ভাৰতবৰ্ষত কেইবাশতাধিক মেডিকেল ৰিপ্ৰেজেনটেটিভচে নিজৰ চাকৰি হেৰুৱাবলগীয়া হৈছে,বহুতো ক্ষেত্ৰকৰ্মীক শাস্তিমূলক বদলি কৰাৰ উপৰিও বিভিন্ন ধৰনৰ শোষণ, নিৰ্যাতন চলোৱা হৈছে। ইয়াৰ বিৰূদ্ধে মেডিকেল ৰিপ্ৰেজেনটেটিভচ সকলৰ সৰ্বভাৰতীয় সংগঠন FMRAI য়ে মেডিকেল ৰিপ্ৰেজেনটেটিভচৰ চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত আজি ANTI VICTIMISATION DAY পালন কৰাৰ আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি অসমৰ আন আন ঠাইৰ লগতে বঙাইগাঁওতো চি আৰ ইউ য়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ মেডিকেল ৰিপ্ৰেজেনটেটিভচ সকলে পুৱা   ১১ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ কামৰ পৰা বিৰত থাকি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰতিবাদৰ অংশ হিচাপে চি আৰ ইউৰ সদস্য সকলে আজি বঙাইগাঁও জিলাৰ শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ১ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে আৰু শ্ৰম আয়ুক্তক চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰা, শ্ৰম-আইন সমূহ লাগু কৰা, ঔষধৰ মূল্যবৃদ্ধি ৰোধ কৰা আদি বিভিন্ন দাবীসম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে ইতিমধ্যে জিলাখনৰ লগতে ৰাজ্যখনত ফাইজাৰ, হিমালয়া, ভাৰত চেৰাম,টিটিকে,জাইডাছ আদি ঔষধ কোম্পানীৰ ভিক্টিমাইজেছনৰ ফলত কেইবাজনেও চাকৰি হেৰুৱাব লগীয়া হৈছে।

বঙাইগাঁও ৰ পৰা প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post