Share on Facebook

TMPK ৰ বৰ্ষযোৰা সোণালীজয়ন্তী উদযাপনৰ প্ৰথম কাৰ্যসূচীৰ সফল সামৰণি ৷

 সমগ্ৰ মিচিং ৰাইজে বহু আশাৰে বাট চাই থকা লাইকা - দধীয়াবাসীৰ পূণৰ সংস্হাপনৰ বিষয়ে আশ্বাস দিলে যদিও কোনো সময় সীমা নিদিলে মুখ্যমন্ত্ৰীয়ে ৷




 ঐতিহাসিক জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ১৬ আৰু ১৭ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে  TMPK ৰ বৰ্ষযোৰা সোণালীজয়ন্তী উদযাপনৰ প্ৰথম কাৰ্যসূচীৰ পালন কৰা হয় ৷

 সভাথলীলৈ ৰাইজক আদৰিবলৈ চাৰিওফালৰ পৰা অসংখ্য আদৰনী তোৰন , এক বৃহৎ অঞ্চল নানান ৰঙীন আলোকসজ্জা , মঞ্চৰ ওপৰিও কেবা ঠাইত L E D Projector , সভাৰ প্ৰতিটো দৃশ্য দ্ৰোণ কেমেৰাত বন্দী , উপস্থিত সকলোৱে পৰম্পৰাগত  সাজ - পোচাক পৰিধান  আৰু প্ৰশিক্ষিত   স্বেচ্ছাসেৱক  তাৰ মাজেৰে আগোৱাই গৈছে  বিভিন্ন কাৰ্যসূচী ৷  TMPKৰ নিষ্ঠাবান নেতা - কৰ্মী, ৰাইজ  সকলোৱে অশেষ কষ্ট ত্যাগ কৰি  পিছপৰা মিচিং জনগোষ্ঠীটোক বিশ্ব দৰবাৰত এক উন্নত তথা শৃংখলিত জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা কৰি সফল হৈছে ৷ যদিও TMPKৰ দৰে এটা পৱিত্ৰ অৰাজনৈতিক ছাত্ৰ সংগঠনৰ বিগ বাজেটৰ সভাত BJP দলৰ মন্ত্ৰী - বিধায়ক আৰু কেবাজনো সাংসদৰ উপস্থিতিয়ে মূল মুকলি সভাখন BJP ৰ প্ৰচাৰ সভালৈ পৰিনত কৰিলে  বুলি ৰাইজে সৰব চৰ্চা কৰিছে ৷


যোৱা কালিৰ  অন্তিম দিনৰ নিৰ্ধাৰিত কাৰ্যসূচী মতে পতাকা উত্তোলন কৰে TMPK ৰ সভাপতি ৰাজকুমাৰ মৰাঙে ৷ শ্বহীদ তৰ্পণ কৰে TMPKৰ সাধাৰণ সম্পাদক তিলক দলেই ৷ মুকলি সভাৰ আদৰনী ভাষণ দিয়ে MISING AUTONOMOUS COUNCIL  Chief Executive Councillor প্ৰমানন্দ  চায়েঙীয়াই  নিদিষ্ট বক্তাৰ ভাষণ আগবঢ়াই  CCTOA ৰ মূখ্য আহ্বায়ক আদিত্য কাকলাৰীয়ে ৷

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লক্ষ্মীমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা , অৰুণাচলৰ সাংসদ- বিধায়ক ক্ৰমে টাপিৰ গাও আৰু Kento Rina ,  ধেমাজী - শদিয়াৰ BJP বিধায়ক ক্ৰমে ডা° ৰনোজ পেগু , বলিন চেতিয়া আৰু জোনাইৰ বিধায়ক ভুৱন পেগুৱে ৷ 

 বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে  উত্তৰপূৰ্বাঞ্চলা কেবাখনো ৰাজ্যৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ সভাপতি - সম্পাদক - প্ৰতিনিধি আদিয়ে ৷ 

একলব্য গামে উদ্বোধন কৰা সাংস্কৃতিক সন্ধিয়াত মিচিংৰ জেষ্ঠ্য শিল্পী গজেন নৰহ আৰু তৰাৱতী মিলি বড়িক সম্বৰ্ধনা জনোৱা হয় ৷ নিশা MIRI THE BAND আৰু  GOMUG  BAND ৰ ওপৰিও অসম - অৰুণাচলৰ কেবাজনো শিল্পীয়ে আজি পোৱালৈকে গীত পৰিবেশন কৰে ৷

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post