সমগ্ৰ মিচিং ৰাইজে বহু আশাৰে বাট চাই থকা লাইকা - দধীয়াবাসীৰ পূণৰ সংস্হাপনৰ বিষয়ে আশ্বাস দিলে যদিও কোনো সময় সীমা নিদিলে মুখ্যমন্ত্ৰীয়ে ৷
ঐতিহাসিক জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ১৬ আৰু ১৭ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে TMPK ৰ বৰ্ষযোৰা সোণালীজয়ন্তী উদযাপনৰ প্ৰথম কাৰ্যসূচীৰ পালন কৰা হয় ৷
সভাথলীলৈ ৰাইজক আদৰিবলৈ চাৰিওফালৰ পৰা অসংখ্য আদৰনী তোৰন , এক বৃহৎ অঞ্চল নানান ৰঙীন আলোকসজ্জা , মঞ্চৰ ওপৰিও কেবা ঠাইত L E D Projector , সভাৰ প্ৰতিটো দৃশ্য দ্ৰোণ কেমেৰাত বন্দী , উপস্থিত সকলোৱে পৰম্পৰাগত সাজ - পোচাক পৰিধান আৰু প্ৰশিক্ষিত স্বেচ্ছাসেৱক তাৰ মাজেৰে আগোৱাই গৈছে বিভিন্ন কাৰ্যসূচী ৷ TMPKৰ নিষ্ঠাবান নেতা - কৰ্মী, ৰাইজ সকলোৱে অশেষ কষ্ট ত্যাগ কৰি পিছপৰা মিচিং জনগোষ্ঠীটোক বিশ্ব দৰবাৰত এক উন্নত তথা শৃংখলিত জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা কৰি সফল হৈছে ৷ যদিও TMPKৰ দৰে এটা পৱিত্ৰ অৰাজনৈতিক ছাত্ৰ সংগঠনৰ বিগ বাজেটৰ সভাত BJP দলৰ মন্ত্ৰী - বিধায়ক আৰু কেবাজনো সাংসদৰ উপস্থিতিয়ে মূল মুকলি সভাখন BJP ৰ প্ৰচাৰ সভালৈ পৰিনত কৰিলে বুলি ৰাইজে সৰব চৰ্চা কৰিছে ৷
যোৱা কালিৰ অন্তিম দিনৰ নিৰ্ধাৰিত কাৰ্যসূচী মতে পতাকা উত্তোলন কৰে TMPK ৰ সভাপতি ৰাজকুমাৰ মৰাঙে ৷ শ্বহীদ তৰ্পণ কৰে TMPKৰ সাধাৰণ সম্পাদক তিলক দলেই ৷ মুকলি সভাৰ আদৰনী ভাষণ দিয়ে MISING AUTONOMOUS COUNCIL Chief Executive Councillor প্ৰমানন্দ চায়েঙীয়াই নিদিষ্ট বক্তাৰ ভাষণ আগবঢ়াই CCTOA ৰ মূখ্য আহ্বায়ক আদিত্য কাকলাৰীয়ে ৷
সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লক্ষ্মীমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা , অৰুণাচলৰ সাংসদ- বিধায়ক ক্ৰমে টাপিৰ গাও আৰু Kento Rina , ধেমাজী - শদিয়াৰ BJP বিধায়ক ক্ৰমে ডা° ৰনোজ পেগু , বলিন চেতিয়া আৰু জোনাইৰ বিধায়ক ভুৱন পেগুৱে ৷
বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে উত্তৰপূৰ্বাঞ্চলা কেবাখনো ৰাজ্যৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ সভাপতি - সম্পাদক - প্ৰতিনিধি আদিয়ে ৷
একলব্য গামে উদ্বোধন কৰা সাংস্কৃতিক সন্ধিয়াত মিচিংৰ জেষ্ঠ্য শিল্পী গজেন নৰহ আৰু তৰাৱতী মিলি বড়িক সম্বৰ্ধনা জনোৱা হয় ৷ নিশা MIRI THE BAND আৰু GOMUG BAND ৰ ওপৰিও অসম - অৰুণাচলৰ কেবাজনো শিল্পীয়ে আজি পোৱালৈকে গীত পৰিবেশন কৰে ৷