সমগ্ৰ দেশৰ লগতে সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা ধেমাজি জিলা সমিতিৰ
উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস মঙ্গলবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজিৰ কাড়িচুকত অৱস্থিত মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কাৰ্যালয়ত উৎযাপন
এই অনুষ্ঠানত পুৱা ১৯৯১ চনৰ পৰা সত্য আৰু নিষ্ঠাত সংবাদ পৰিবেশন কৰিবলৈ গৈ
প্ৰাণ হেৰুওৱা ৩২ জন সাংবাদিকক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।
ইয়াৰ পিছতে মুকলি সভাত সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা ধেমাজি জিলা
সমিতিৰ সভাপতি পলাশ মেদকে সভাপতিত্ব কৰা সভাত ধেমাজি জিলাৰ প্ৰথম
গৰাকী সাংবাদিক তথা জেষ্ঠ সাংবাদিক উমেশ চেতীয়া আৰু গোবিন্দ মেদকক সম্বৰ্ধনা জনোৱা হয় ।
লগতে সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা ধেমাজি জিলা সমিতিৰ সভাপতি পলাশ
মেদকে কয় ১৯৯১ চনৰ পৰা আজিৰ তাৰিখলৈকে সমগ্ৰ দেশত ৩২জন সাংবাদিক
জিঘাংসাৰ বলি হৈ মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।কিন্তু আজিলৈ এজনো হত্যাকাৰীক
চিনাক্ত কৰি আইনে শাস্তি দিব পৰা নাই।ই চৰম দুৰ্ভাগ্যজনক আৰু উদ্যেগজনক কথা বুলি
কৈ সাংবাদিক সকলক নিৰাপত্তা আৰু সুৰক্ষাৰ এক আইনি প্ৰস্তুত কৰিবলৈ দাবী জনায় ।