তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ত অঘটন ।
পৰীক্ষা দি থকা সময়তে ঢলি পৰি মৃত্যু এগৰাকী মেধাৱী ছাত্ৰীৰ ।
মৃত ছাত্রী গৰাকী মাকুম জ্যোতি নগৰৰ বিপাঞ্চী বাৰ্বী গগৈ ।
তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল বিপাঞ্চী ।
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ছাত্ৰী গৰাকীৰ মৃতদেহ তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই ।
এই মূহুৰ্তলৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্পষ্ট হ'ব মৃত্যুৰ কাৰণ ।