৬ বছৰীয়া প্ৰতীক্ষাৰ অন্তত গোগামুখ মহাবিদ্যালয়ত নতুন অধ্যক্ষৰ যোগদান
সুদীৰ্ঘ ছবৰীয়া প্ৰতীক্ষাৰ অন্তত ধেমাজি জিলাৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গোগামুখ মহাবিদ্যালয়ে লাভ কৰিলে এগৰাকী পূৰ্ণ পৰ্যায়ৰ স্থায়ী অধ্যক্ষ ৷ মহাবিদ্যালয়খনত অধ্যক্ষ হিচাপে লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° দিলীপ কুমাৰ ঝাই যোগদান কৰিছে ৷ ড° ঝাই মহাবিদ্যালয়ত যোগদান কৰাৰ পিছতে মহাবিদ্যালয়খনৰ আন্তগাঁথনিৰ উন্নয়ন আৰু ছাত্ৰ-ছাত্ৰী সকলৰ পাঠদানৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷
উল্লেখনীয় যে, সুদীৰ্ঘ ছয় বছৰ গোগামুখ মহাবিদ্যালয়ত ভাৰপ্ৰাপ্ত অধ্যক্ষৰে পৰিচালিত হৈ আছিল ৷ মহাবিদ্যালয়খনত এগৰাকী স্থায়ী অধ্যক্ষ যোগদান কৰাত ছাত্ৰ-ছাত্ৰী আৰু স্থানীী ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে মহাবিদ্যালয়খনৰ শিক্ষা আৰু আন্তঃগাঁথনি উন্নয়নত অধিক মনোনিৱেশ কৰিব বুলিও আশা প্ৰকাশ কৰিছে ৷