জোনাইত 'মিছন বসুন্ধৰা' অভিযান আৰম্ভ।
গান্ধী জয়ন্তীৰ দিনৰ পৰা ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত গ্ৰহণ কৰা
‘মিছন বসুন্ধৰা’ অভিযান ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমাটো আৰম্ভ হয়।
জোনাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত গালী পঞ্চায়ত লখিমপুৰ লোকসভা সমষ্টি সাংসদ প্ৰদান বৰুৱাই মিছন বসুন্ধৰা প্ৰকল্পৰ কাম শুভাৰম্ভ কৰে।
এই উপলক্ষে অনুষ্ঠিত হোৱা গাঁও সভাত সাংসদ প্ৰদান বৰুৱা লগতে ধেমাজি জিলা ৰাজহ বিভাগৰ
অতিৰিক্ত উপায়ুক্ত উৎপল দলে, জোনাই মহকুমাধিপতিৰ প্ৰদীপ কুমাৰ দ্বিবেদী, মিচিং স্বায়ত্তশাসিত
পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, ধেমাজি জিলা পৰিষদৰ পূব জোনাই সমষ্টিৰ সদস্য অতুল পেগু,
মনোৰঞ্জন বসুমতাৰী আদিয়ে উপস্থিত থাকে। সভাত ধেমাজি জিলাৰ ৰাজহ বিভাগৰ অতিৰিক্ত
উপায়ুক্ত উৎপল দলেয়ে জানিব লৈ দি কয়- ধেমাজি জিলাত 960 খন ৰাজহ গাঁও, 209 খন জৰীপবিহীন
গাঁও আৰু 100 খন গাঁও বন ভূমিত আছে। ইপিনে জোনাই মহকুমাৰমত 109 খন জৰীপবিহীন গাঁও
আছে আৰু এই জৰীপবিহীন গাঁৱৰ পৰাই 'মিছন বসুন্ধৰা' কাম আৰম্ভ হ'ব বুলি অতিৰিক্ত উপায়ুক্ত
উৎপল দলেয়ে সদৰী কৰে। তিনি টা দলে ভূমি জৰীপ কৰি ৰাইজক ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ
কৰিবও অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে মন্তব্য কৰে। তদুপৰি তেওঁ ধেমাজি জিলাৰ বনাঞ্চলৰ ভূমি
থকা এশখন গাঁৱৰ ৰাইজক বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টা প্ৰদান কৰিব বুলিও জানিব লৈ
দিয়ে।

