এখন বিয়াৰ বাবে বন্ধ হ’ল এখন বিদ্যালয়,কিন্তু ক’ত এইখন বিদ্যালয়? এইখন অসমৰ বিষম কথা!
তাৰিখ ২৯ মে’ ২০১৯ বুধবাৰ৷ বিদ্যালয়খন কিন্তু হঠাতে অৰ্ধছুটী দিব লগা হ’ল৷
কাৰণ বিদ্যালয়খনৰ কাষতে আছিল এখন বিয়া! উচ্চ স্তৰত মাইকৰ শব্দ প্ৰদূষণ,সেইবাবেই সোনকালেই স্কুল ছুটী দিবলগা হ’ল ৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগ এখন বিয়াৰ কাৰনে স্কুল বন্ধ দিয়াটো কোনোপধ্যেই যুক্তিসংগত নহয়৷ তাৰ বাবে শিক্ষা বিভাগে কি পদক্ষেপ ল’ব এয়াই পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ’ব৷