বিগত বৰ্ষৰ দৰেই ২০১৯ বৰ্ষটো উত্তৰ ধেমাজি ৰাইচাপৰি অঞ্চললৈ সুনাম কঢ়িয়াই আনিলে কৃতি ছাত্ৰ ছাত্ৰীসকলে৷ ৯২% উত্তীৰ্ণ হাৰেৰে বিদ্যালয়খনিৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক ৰাইচাপৰি হাইস্কুলৰ বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত অানূষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জনোৱা হয়৷
বিদ্যালয়খনিত দুগৰাকী মেধাৱী ছাত্ৰই ষ্টাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু বাকী ৭ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷
সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে শ্ৰীযুত শিশুৰাম মিলিয়ে৷
এই অনুষ্ঠানত অঞ্চলটিৰ
বহুগৰাকী গণ্য-মান্য ব্যক্তিৰ লগতে আমাৰ ধমাজিৰ প্ৰতিনিধি হৰেন কপ্তাকেও ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰোত্তৰ কামনাৰ্থে বক্তব্য প্ৰদান কৰে৷