Share on Facebook

বনৰীয়া হাতীৰ আক্ৰমণত ধাইবাৰীৰ * উমাশংকৰ চাহানীৰ মৃত্যু



বনৰীয়া হাতীৰ আক্ৰমণত ধাইবাৰীৰ * উমাশংকৰ চাহানীৰ মৃত্যু



ডিমৌ থানাৰ এলেকাৰ (নিতাইপুখুৰী) Out postৰ অন্তৰ্গত

মিলনকুৰ-চিতলীয়াৰ(গুৰুষা) চাপৰীত মাছমাৰিবলৈ যোৱা পাছজনীয়া দলে মিলনকুৰ গুৰুষা চাপৰিত চতবালিত কেমপাতি থকা অবস্হাত যোৱা কালি ৰাতি প্ৰাই 12 বজাত  এটা দতাল হাতীৰ আক্ৰমণত * উমাশংকৰ চাহানীৰ মৃত্যু হয়। তাৰে চাৰিজনে জীৱিত অবস্হা আছে যদিও এজন টানদা নামৰ মানুহজনে সো-হাতত আৰু ভৰিৰ কোনোবা অংশত দুখ পোৱা ভুলি ব্যাখ্যা কৰিছে। * উমাশংকৰ(55) চাহানিৰ পত্নী শ্ৰীমতী ঝাছিয়া চাহানী লগতে দুজন সন্তান সহ এজনী জীক *উমাশংকৰ চাহানীহে হেৰী থই গৈছে। বিষেক উত্তেৰে জানিবলৈ পোৱা মতে পানীদিহিং পক্ষী অভয়াৰণ্যৰ কাষৰীয়া গাঁৱ চিতলীয়া,মিলনকুৰ,শামুকজান,বালিকুৰ,দলপা,সাপেখাতী আৰু ধাইবাৰী লোকে স্বাধীনতাকালৰে পৰা

বসবাস কৰি আছে, তাৰে পিছৰ সময় চোৱাত 1997 চনৰ পিছত অহা বনৰীয়া হাতীজাকে আহি ২০০২ চনত উজনী মিলনকুৰৰ গাঁৱৰ * শশীকান্ত নৰহক , ২০১৪ চনত নামনি মিলনকুৰৰ ৰাজেন দলেক, ২০১৫-২০১৬ চনত সাপেখাতীৰ * মধু চেত্ৰীক,১৩/০৫/২০১৮ চনত ঢকুৱাখনাৰ জামুগুৰীৰ * মনিতা পেগু ,২০১৯ চনৰ যোৱা মাহত (দিচাংমুখৰ)*ৰঘুনাথ মালা আৰু ২০১৯ চনৰ  যোৱা কালি ৰাতি ধাইবাৰীৰ * উমাশংকৰ চাহানীক বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱাত পশ্চিম পানীদিহিং ৰাইজে প্ৰতি বছৰে এজন এজনকৈ দান দিব লগাত ৰাইজে দুখ প্ৰকাশ কৰিছে।

সেইয়ে পশ্চিম পানীদিহিং ৰাইজে চৰকাৰৰ প্ৰতি কি আকা কৰিব পাৰে, এইটোহে চিন্তনীয় হব।কাৰণ বনৰীয়া হাতীৰ ওপৰত মিচিং জাতিয় সংগঠনে(TMPK)য়ে শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয়,দিয়েপো আৰু ৰেনৰ্জাৰ মহোদয়ক অবগত কৰাৰ পিছতো আজি অতিকৈ দূখজনক ঘটনা | টকাৰে মানুহৰ জীৱনক কেতিয়াও পৰিমাপ কৰিব নোৱাৰি | কি কম কোনে বুজিব হাতী আৰু মানুহৰ সংঘাতৰ ফলত এৰাতি সুখেৰে নিদ্ৰাত মগ্ন হ'ব নোৱাৰা ৰাইজৰ দূখৰ মৰ্মবেদনা.........!  সিহঁতৰ বাবে মানুহৰ জীৱনতকৈ হাতীহে বেছি গুৰুত্বপূৰ্ণ যেনহে অনুভৱ হয় | কাৰণ মানুহ বোৰে নিজৰ নিৰাপত্তাৰ বাবে কোনোধৰণৰ প্ৰতিৰোধ মূলক কাৰ্যসূচীও হাতত লব নোৱাৰে সেই কাম কৰিবলৈ গলেই আইনে বাধা প্ৰদান কৰে | তেনেকৈও আকৌ হাতীজাকক নিদিৰ্ষ্ট নিৰাপদ ঠাইবোৰলৈ নিনিয়ে | মাজে মাজে এনে অনুভৱ হয় যেন মানৱ জীৱনৰ লগত প্ৰশাসনে  হেতালিহে খেলিছে | বন্যহস্তীক যেতিয়া বধ কৰে তেতিয়া চৰকাৰৰ চকু মেল খাই কিন্তু যেতিয়া বন্যহস্তীয়ে সাধাৰণ জনতাৰ খেতি শস্য নষ্ট কৰে, ঘৰ বাৰী ধ্বংস কৰে , মানুহক হত্যা কৰে তেতিয়া চৰকাৰ নিদ্ৰাত মগ্ন হয় সেইয়াই নেকি চৰকাৰৰ কৰ্তব্য ? যদি বন্যপ্ৰাণীয়ে মানুহক হত্যা পৰ্যন্ত কৰিব পাৰে তেনেহ'লে তাৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা কিয় ৰাইজে লব নোৱাৰে ? মানুহ বসতি প্ৰদান অঞ্চলবোৰ বন্য প্ৰাণীৰ বিচৰণ ভূমি নেকি ? যদি হয় হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি ৰাষ্ট্ৰীয় উদ্যান / অভয়াৰণ্যবোৰ সংৰক্ষণ কৰাৰ কি যুক্তি আছে ?



                   

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم