ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতাত উজ্বলি আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে বাচনি অসমৰ খেলুৱৈ...
২১,২২ আৰু ২৩ জুন তাৰিখে মধ্যপ্ৰদেশৰ ভূপালত অতি আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হোৱা 'প্ৰি-টীন' আৰু 'প্ৰি-জুনিয়ৰ' ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতা-২০১৯ ৰ লগতে আগন্তুক "মালায়েচিয়া ইণ্টাৰনেশ্ব্যনেল চেম্পিয়নশ্বিপ-২০১৯" অাৰু "ছিংগাপুৰ অ'পেন-২০১৯" ৰ বাবে বাচনিত অসমৰ খেলুৱৈয়ে সফলতা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। দেশৰ ৩২ খন ৰাজ্যৰ প্ৰায় ৯০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতাখনিত ১২ বছৰ বয়সৰ অনুৰ্দ্ধৰ বিভিন্ন শাখাত অসমৰ ক্ৰমে অঞ্জন দলে, টিটানিয়া দলেৰ সোনৰ পদক, মানিক পেগু, সন্তুষ পেগু, নিহাৰিকা শইকীয়া আৰু চিম্পী ডেকাৰ ৰূপৰ পদক, ৰাজদীপ আল্লে, হিমন্ত গগৈ, স্নেহা গগৈ, নয়নমনি বৰুৱা আৰু পম্পী বিশ্বাসৰ ব্ৰ'ঞ্জৰ পদক, ১২ৰ পৰা১৪ বছৰ বয়সৰ বিভিন্ন শাখাত ক্ৰমে অতুল দলে, ঔম চেত্ৰী, বিজুমায়া বসুমতাৰী আৰু চান্দনী খাতুনৰ সোনৰ পদক ৰুদ্ৰ থাপা, চন্দা প্ৰধানৰ ৰূপৰ পদক আৰু নিতিশ চাহু, অৰুপ পেগু, বচ্চন তাঁতী, বৃন্দাও বসুমতাৰীয়ে ৰূপৰ পদক অৰ্জন কৰি "ছিংগাপুৰ অ'পেন-২০১৯" দেশক প্ৰতিনিধিত্ব কৰাৰ বাবে যোগ্যতা অৰ্জন কৰি চমক সৃষ্টি কৰাৰ ওপৰিও ১৭ বছৰ বয়সৰ উৰ্দ্ধৰ শাখাত ক্ৰমে এলবিষ্টন মাৰাক, কুমাৰ মাধুৰ্য্য পেগু,মোহন পাতিৰ, পিতাম্বৰ নৰহ, আকাশ স্বৰ্গিয়াৰী, অচ্যুত বড়ো, দিক্ষীতা ৰাভা, মমতা সোনোৱাল, মহেন চন্দ্ৰ ৰায়, মংগল বসুমতাৰী, চন্দন ৰাভা, ৰজত গুপ্তা, ভাস্কৰ নাথ আৰু ধ্ৰুৱজ্যোতি নাথে মালয়েচিয়াত অনুষ্ঠিত হ'বলগিয়া আগন্তুক "মালয়েচিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা-২০১৯" আৰু "চিংগাপুৰ অ'পেন-২০১৯" ত দেশক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে।।