৩৬ কোটি টকীয়া পথৰ দলং-কালভাৰ্ট নিৰ্মাণত সাৰদা কোম্পানীৰ অনিয়ম,দুৰ্নীতি
ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীৰ সমষ্টিত ইটোৰ পিছত সিটো পথ নিৰ্মাণত সাৰদা প্ৰজেক্ট লিমিটেড নামৰ ঠিকাদাৰ সংস্থাটোৱে সংঘটিত কৰিছে ব্যাপক অনিয়ম,দুৰ্নীতি।
ঢকুৱাখনাৰ গোবিন্দপুৰ চাৰিআলিৰ পৰা পূৱ ঢকুৱাখনা হৈ মাতমৰা অঞ্চল সংযোগী গড়কাপ্তানি পথটোত ১০ খন দলং আৰু ১১ টা পকী কালভাৰ্ট নিৰ্মাণত চলিছে ব্যাপক অনিয়ম।
কোনোবাখন পকী দলঙৰ খুঁটাত যদি মেলিছে চিৰাল ফাট,কোনোবাখন দলঙৰ খুঁটাৰ গভীৰতা কম,কোনোবাখনৰ আকৌ নিৰ্মাণৰত অৱস্থাতে এটা চাইড হাওলি গৈছে খুঁটাৰ।
ফলত নেওগঘুলি,মদাৰগুৰি অঞ্চলৰ ক্ষুব্ধ ৰাইজে সাৰদা প্ৰজেক্ট লিমিটেডৰ অনিয়ম আৰু দুৰ্নীতিত অতীষ্ঠ হৈ নিৰ্মাণকাৰ্য বন্ধ কৰি দিছে পথটোৰ।