ঘূণাসুঁতিত দেশে স্বাধীনতা লাভ কৰা ৭৩ বছৰ অতিক্ৰম কৰা পিছতো নাই বিদ্যুতৰ সেৱা। ক্ষোভ প্ৰকাশ চলিচুক ৰিক্কং আঞ্চলিক টি এম পি কে আৰু এম এম কে সংগঠন।
ৰাজ্যৰ বিদ্যুৎ বিভাগৰ ফোঁপোলা স্বৰূপৰ কথা কিমান দেখুৱাম আৰু কৈ থাকিলেও শেষ নহয় বিদ্যুৎ বিভাগৰ বেমেজালিৰ কথা । এইবাৰ আমি দেখুৱাইছো লখিমপুৰ জিলাৰ ঘূণাসুঁতিৰ চলিচুক গাঁৱত গোগামুখ বিদ্যুৎ উপসংমণ্ডলৰ কৰ্মকাণ্ড। এইখন গাঁৱৰ ৰাইজে এতিয়া গৰমত চটফটাই থাকিব লগা হৈছে কাৰণ গাঁও খনৰ আধা পৰিয়ালৰ গৃহত নাই বিদ্যুতৰ পোহৰ কিম্বা বিদ্যুৎ সংযোগী তাঁৰ। দেশে স্বাধীনতা লাভ কৰা ৭৩ বছৰ অতিক্ৰম কৰা পিছতো কি কাৰণে এইখন গাঁৱৰ ৰাইজে বিদ্যুতৰ সেৱা পোহৰ পোৱা নাই ভোক্তভোগীয়ে ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এইখন গাঁৱৰ বহুতো লোক দৰিদ্ৰ সীমা ৰেখা তলত বসবাস কৰে। সেয়েহে বিদ্যুত বিভাগে চলিচুক গাঁৱত কেইটামান মিটৰ বক্স দিয়ে দায়িত্ব সামৰিছে। যি সময়ত দেশৰ অন্যান্য অঞ্চলত অন্য জনসাধাৰণে বিদ্যুতৰ সেৱা পায় আহিছে কিন্তু এইখন গাঁৱত বঞ্চিত হোৱা কাৰণে ঘূণাসুঁতি ৰিক্কং আঞ্চলিক টি এম পি কে আৰু এম এম কে সংগঠনৰ লগতে ভোক্তভোগীসকলে বিদ্যুত বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিদ্যুৎ বিভাগ হায় হায়, শক্তি মন্ত্ৰী মুন্দাবাদ, বিদ্যুৎ বিভাগ লেই লেই , চেই চেই, আমাক পোহৰ লাগিবই, গোগামুখ বিদ্যুৎ সংমণ্ডল গ' বেক, আদি বিভিন্ন ধৰণৰ শ্ল'গানেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু অসম চৰকাৰ তথা বিদ্যুৎ বিভাগে অনতিপলমে বিদ্যুতৰ সেৱা আগ নিদিলে ইয়াতকৈ তীব্ৰ আন্দোলনৰ সন্মুখীন হব লাগিব বুলি সকিয়াই দিয়ে।