ঢকুৱাখনাত মিচিং কাংকিন কেবাঙৰ প্ৰস্তুতি পূৰ্ণ গতিত
টাকাম মিচিং পৰিণ কৗবাং (TMPK) ঢকুৱাখনা টাউন কমিটিৰ উদ্যোগত ২৯ তম্ ঢকুৱাখনা কেন্দ্ৰীয় “কাংকিন কেবাং” অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে ঢকুৱাখনা জনজাতি কৃষ্টি-বিকাশ কেন্দ্ৰৰ চৌহদত। অহা ২৫ আগষ্ট,দিনযোৰা বৰ্নাঢ্য কাৰ্য্যসূচীৰে আয়োজিত "কাংকিন কেবাঙ"ৰ বাবে ইতিমধ্যে-মিচিং যুৱক-যুৱতীসকলে-কোৰাচ,বিভিন্ন নৃত্য গীতৰ আখৰাত ব্যস্ত হৈ পৰা দেখা গৈছে। TMPK ঢকুৱাখনা টাউন কমিটিৰ সম্পাদক ভৱজিৎ পেগুৱে জনোৱামতে-"অনুষ্ঠানৰ লগত সংগতি ৰাখি"কাংকিন" নামৰ এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ পাব৷