নিৰ্মাণৰ এবছৰ নহওঁতেই পকী দলংত বৃহৎ ফাট:দুৰ্নীতিৰ অভিযোগ ৰাইজৰ
মিছিং লুতাদ,মহুৰামুখ,৭ জুলাই:বোকাখাত বিধান সভাৰ দিছৈ গাওঁপঞ্চায়তৰ অন্তৰ্গত কেমেৰি ৰোহিতা আৰু বৰবালি সংযোগী পথৰ দিছৈ সুতিৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে সুদীৰ্ঘ দিন স্হানীয় গাওঁসমুহৰ ৰাইজে চৰকাৰী পক্ষক আবেদন নিবেদন কৰিও ফল নধৰাত ধাৰাবাহিক আন্দোলনৰ অন্তত আৱন্তিত হৈছিল উক্ত দলংখন৷কিন্তু নিৰ্মাণৰ এবছৰ নৌহওঁতেই দলংখনৰ দুইমুৰে দেখা গৈছে বৃহৎ ফাট৷ৰাইজৰ অভিযোগ ঠিকাদাৰ তুলসী কুতুমে দুৰ্নীতিৰ আশ্ৰয় লৈ নিম্নমানৰ কাম কৰাৰ৷উক্ত কামৰ তদন্তত দাবী ৰাইজৰ এম এ চিক৷