" ৰাষ্ট্ৰীয় পুষ্টিকৰ মাহ " সজাগতা সভা আয়োজন।।
ৰাজ্যত এতিয়াও সঘনে বৃদ্ধি পাইছে শিশুসকলৰ পুষ্টিকৰ আহাৰ অভাৱ, পৰিষ্কাৰ পৰিচন্নতা, অবৈধ সুৰা আৰু স্থানীয় চুলাইৰ বেহাৰ। যাৰ ফলত বহুতো শিশুৱে অকাল মৃত্যুক আকোৱালি লৈছে। সঘনাই সংবাদ মাধ্যমৰ স্থান দখল কৰিছে বহু ঠাইত মদ খাই মৃত্যুৰ হোৱা লোকৰ বাতৰি।
সেয়েহে আজি ঢকুৱাখনাত ওলাই আহিল শ শ মহিলা। "অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান , খণ্ড অভিযান পৰিচালনা গোট আৰু ঢকুৱাখনা উন্নয়ন খণ্ড, পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়ত"" ৰ জীৱিকা সখীৰ মিনা গগৈ, মিনা দত্ত, মমী দলে আৰু অনু বৰুৱাৰ নেতৃত্বত এখনি গুৰুত্বপূৰ্ণ " ৰাষ্ট্ৰীয় পুষ্টিকৰ মাহ" সজাগতা সভা অনুষ্ঠিত হয় খজুৱাত অৱস্থিত দিপ্তী কলা কৃষ্টি মুকলি মঞ্চত। শ শ মহিলা সমাগম ঘটে সভাখনিত।