Share on Facebook

ভয়াবহ গৰাখহনীয়াৰ পৰিদৰ্শন।


দিচাংমুখৰ ভয়াবহ গৰাখহনীয়াৰ পৰিদৰ্শন।


অসম চৰকাৰৰ জলসম্পদ আৰু তথ্য- প্ৰযুক্তিবিদ্যা বিভাগৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া, থাওৰা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক কুশল দুৱৰী ডাঙৰীয়া, মাহমৰা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক যোগেন মহন ডাঙৰীয়া, মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৪নং দিচাং-দিখৌ সমষ্টিৰ সন্মানীয় সাধাৰণ সদস্যা নিভা পেগু মিলি ডাঙৰীয়ানী আদি সকলো প্ৰতিনিধিবৰ্গই একত্ৰিতভাৱে দিচাংমুখৰ অফলা, লিগিৰীবাৰী, চৰাইপৰা, গড়ভগা গাঁৱৰ গৰাখহনীয়া পৰিদৰ্শন কৰে |





 সেই পৰিদৰ্শন কাৰ্যসুচীত অংশগ্ৰহণ কৰি সদৌটি প্ৰতিনিধিসকলক সহযোগিতা আগবঢ়াই শিৱসাগৰ জিলাৰ সন্মানীয় উপায়ুক্ত ডাঃ সুব্ৰমণি আয়াৰলক্ষ্মণ ডাঙৰীয়া আৰু জলসম্পদ বিভাগৰ শিৱসাগৰ জিলাৰ অভিযন্তা ও বিষয়া-কৰ্মচাৰী সকলে |

     

সেই পৰিদৰ্শন কাৰ্যসুচীতে মন্ত্ৰী ডাঙৰীয়াৰ ওচৰত অঞ্চলটিৰ সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ হকে একোখনকৈ দাবীসম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে পৰিদৰ্শন কাৰ্যসুচীত সহায় সহযোগিতা আগবঢ়াই অফলা গাঁও উন্নয়ণ সমিতি আৰু TMPK, MMK আৰু TMMK দিচাংমুখ আঞ্চলিক সমিতিয়ে |

   

সেই পৰিদৰ্শনৰ সময়ছোৱাতে  দিচাংমুখবাসী ৰাইজক মন্ত্ৰী মহন্ত ডাঙৰীয়া আৰু সাংসদ গগৈ ডাঙৰীয়াদেৱে বান গৰাখহনীয়া সমস্যা সমাধানৰ বাবে আগন্তক দিনত অতি সোনকালে বৈজ্ঞানিক পদ্ধতিত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থাগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে |






MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم