তিনি মিচিং জাতীয় সংগঠনৰ প্ৰতিবাদী ধৰ্ণাত উত্তাল ঢকুৱাখনা
তিনি মিচিং জাতীয় সংগঠন-TMPK,TMMK আৰু MMK-ৰ উদ্দোগত শ শ বান-গৰাখহনীয়া পীড়িত জনতাই প্ৰতিবাদী ধৰ্ণাৰে উত্তাল কৰে ঢকুৱাখনাৰ মহকুমাধিপতিৰ কাৰ্যলয়ৰ চৌহদ।
ঢকুৱাখনাৰ মিচিং জনবসতিপূৰ্ণ বিভিন্ন অঞ্চলৰ সমস্যাৰাজীৰ সমাধানৰ ক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলেয়ে গ্ৰহণ কৰা বৈষম্যমুলক আৰু দমনমূলক নীতিৰ তীব্ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ঢকুৱাখনা সমষ্টিৰ বিভিন্ন আঞ্চলিক সমিতিৰ শ শ কৰ্মীয়ে-"অসম চৰকাৰ হায়, হায়, বান-গৰাখহনীয়া সমস্যা সমাধান কৰক,বিদ্যুৎ বিভাগৰ বেমেজালি দূৰ কৰক, ঢকুৱাখনাৰ বিডিঅ'ৰ কমিচনৰ বজাৰ বন্ধ কৰক ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। অৱশেষত ঢকুৱাখনাৰ কাৰ্যবাহী দণ্ডাধীশ কাকুমণি শইকীয়াই প্ৰতিবাদী ৰাইজৰ স্মাৰকপত্ৰ গ্ৰহণ কৰে।