কৰোণা ভাইৰাচৰ ভয়বহতাৰ কথা উপলব্ধি কৰি সতৰ্কতা স্বৰূপে সকলোৱে মুখত ব্যবহাৰ কৰিব লৈছে মাক্সৰ। বিভিন্ন স্থানত মাক্সৰ নাটনি ঘটাৰ দৰে গহপুৰতো একে পৰিস্থিতিৰ উদ্ভৱ হোৱাত গহপুৰৰে এহাল যুৱ দম্পতিয়ে গামোছাৰে তৈয়াৰ কৰিছে ধুলি-বালি, বিজানু প্ৰতিৰোধ কৰিব পৰা এবিধ মাক্স। গহপুৰৰ বাকৰিদলনি ডাঠকলাৰ যুৱ দম্পতি ফনিন্দ্ৰ প্ৰধান আৰু সঙ্গীতা প্ৰধানে তেওঁলোকৰ ডি কে আৰ্টিচান নামৰ প্ৰতিষ্ঠানত নিজ হাতেৰে তৈয়াৰ কৰি আছে গামোচাৰ মাক্স। সৰচৰাচৰ বজাৰত উপলব্ধ মাক্সতকৈ যথেষ্ট উন্নত মানদণ্ডৰ তথা সীমিত খৰছতে উপলব্ধ গামোছাৰ মাক্সক লৈ যথেষ্ট আশাবাদী ফনিন্দ্ৰ প্ৰধান। গামোছাৰে উন্নত ভাবে তৈয়াৰ কৰা মাস্কবিধৰ ইতিমধ্যে বহুতো অৰ্দাৰ লাভ কৰিবলৈ সক্ষম হোৱা ফনিন্দ্ৰ প্ৰধানে এই মাক্সবিধে কৰোণা ভাইৰাজ প্ৰতিৰোধৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি আশাবাদী।