ঢকুৱাখনাত অৰুণোদয় আঁচনি ৰূপায়ণত অনিয়ম আৰু বিভিন্ন দাবীৰে জাতীয় সংগঠনৰ বাইক ৰেলী।
ঢকুৱাখনাত অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ নামত ইটোৰ পিছত সিটো পঞ্চায়তত সৃষ্টি হৈছে ভয়ংকৰ অনিয়ম।
প্ৰকৃত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত এইবাৰ টি এম পি কেৰ দাংধৰা আঞ্চলিক সমিতিয়ে অভিযোগ উত্থাপিত কৰিছে ব্যাপক দুৰ্নীতি।
প্ৰকৃত যোগ্য ব্যক্তিৰ বিপৰীতে অযোগ্য জনক হিতাধিকাৰী নিৰ্বাচন কৰাৰ বাবে শতাধিক লোকে ক্ষুব্দ হৈ বাইক ৰেলীয়ে প্ৰতিবাদ কৰে দাংধৰা পঞ্চায়তৰ ভিন্ন গাঁৱত।
তদুপৰি ১৬ অক্টোবৰ TMPK প্ৰতিষ্ঠা দিৱসৰ প্ৰসাৰ আৰু বিভিন্ন দাবীৰে বাইক ৰেলী উলিয়াই।
সেয়েহে এই অনিয়নমৰ বিৰুদ্ধে উচিত তদন্ত ঘোষণা কৰিবলৈ স্থানীয় ৰাইজে সংবাদমাধ্যমৰ জৰিয়তে মহকুমাধিপতিলৈ অনুৰোধ জনায়।
Dhakuakhana/Pulin pegu