ভূমিপুত্ৰৰ মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাখনৰ দিনত গহপুৰৰ দহ খন ৰাজহ গাঁৱৰ ১৫ শ লোকক মাটি-ভেটি এৰি যাবলৈ নিৰ্দেশ দিছে প্ৰশাসনে ।
কাজিৰঙা ষষ্ঠ সংযোজনক দোহাই খিলঞ্জীয়া মিচিং জনগোষ্ঠীয় লোকক ১৫ দিনৰ ভিতৰত ঘৰ বাৰী এৰি যাবলৈ প্ৰশাসনৰ লোকে সময়সীমা বান্ধি দিয়াৰ লগে লগে এতিয়া ক্ষোভৰ জুই জ্বলিছে গহপুৰৰ দক্ষিণাঞ্চলত । স্থানীয় টি এম পি কে,এম এম কে মিচিং জাতীয় সংগঠনৰ উদ্যোগত অনুষ্ঠিত বৃহৎ নাগৰিক সভাত হাজাৰোধিক ৰাইজ অংগীকাৰবদ্ধ হৈ তেজ দিম মাটি নিদিও, অসম চৰকাৰ গ' বেক , কাজিৰঙা ষষ্ঠ সংযোজন গ' বেক , বন বিভাগ হায় হায় ধ্বনিৰে গহপুৰৰ বৰতামুলি অঞ্চলৰ আকাশ বতাহ কপাই তোলে । অসম চৰকাৰে শীঘ্ৰে ইয়াৰ উচিত মীমাংসা নকৰিলে অনাগত বিধানসভা নিৰ্বাচনত কোনো কাৰণতে কোনো ৰাজনৈতিক দলক মিচিং অধ্যুষিত অঞ্চলত প্ৰবেশ কৰিবলৈ দিয়া নহব বুলি তীব্ৰ ভাবে হুংকাৰ দিছে মিচিং জাতীয় সংগঠনৰ লগতে ৰাইজে ।ইয়াৰ অন্যথা অগণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকীয়াই দিছে ।
হেলেমৰ পৰা মহেন্দ্ৰ পগাগ