ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পশুৰ দৰে জীৱন নিৰ্বাস কৰা লাইকা দধিয়া পুঃনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি অথলে গ'ল।
বাজেটতে সীমাবদ্ধ ১০ কোটিৰ টকাৰ পেকেজ,বানে সৃষ্টি কৰিলে-অবৰ্ণনীয় পৰিস্থিতি। 'অনাহাৰ, অনিন্দ্ৰাত' ১৬৫০ টা পৰিয়াল। নৰক যন্ত্ৰণা বুলিলে কি বুজায়,সেয়া বহুতৰ বোধগম্য নহ'ব পাৰে।কিন্তুু কোনোবাই নৰক যন্ত্ৰণানো কি?সচক্ষে প্ৰত্যক্ষ কৰিব বিচাৰিলে তিনিচুকীয়ালৈ আহিব লাগিব।
তিনিচুকীয়াৰ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বছৰ বছৰ ধৰি পশুৰ দৰে বসবাস কৰি থকা লাইকা দধিয়াৰ মিচিং জনজাতিৰ লোকসকলৰ জীৱন -যাএা চালেই বুজিবলৈ বাকী নাথাকিব।'নৰক যন্ত্ৰণা' কি। চৰকাৰ আহিছে,গৈছে,কিন্তুু এই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা গাঁওবাসীক কোনো এখন চৰকাৰে উদ্ধাৰ কৰিব নোৱাৰিলে।বহুত আচঁনি ঘোষণা কৰিলে চৰকাৰে বহু প্ৰতিশ্ৰুতি দিলে।
কিন্তুু সকলো ফুটুকাৰ ফেন হ'ল।বাজেটত ঘোষণা কৰা হৈছিল-লাইকা দধিয়াৰ পুঃনৰ সংস্থাপনৰ বাবে ১০ কোটি পেকেজ।সেয়া মৰীচিকাৰ দৰে হ'ল।লাইকা দধিয়াবাসী ৰাইজে পুঃনৰ সংস্থাপনৰ বাবে দিয়া ১০ কোটিৰ টকা চৰকাৰৰ পৰা উওৰ নোপোৱা হ'ল।জানিব পৰামতে-এতিয়া পানীয়ে ১০খন ঘৰ ভাঙি পেলালে।দুখৰ উপৰিও দুখ।অনাহাৰ অনিন্দ্ৰাত বহু উজাগৰি নিশা পাৰ কৰোৱা প্ৰায়-১৬৫০টা পৰিয়ালৰ চকু পানী চৰকাৰে দেখা পোৱা নাই।এতিয়া ৰাইজে জাগি উঠিছে।যদিহে চৰকাৰে এই কেইদিনৰ ভিতৰত ব্যৱস্থা নলয়।তেতিয়া ৰাইজে তিনিচুকীয়া উৰ্পায়ুক্ত কাৰ্য্যলয়ত উলংগ বাবে প্ৰতিবাদ সাব্যস্থ কৰিম বুলি জানিব দিয়ে।
ডিব্ৰু ছৈখোৱাৰ পৰা-এপিঅ টাইদৰ ৰিৰ্পোট-মিচিং লুটাদ।

