৩৬ সংখ্যক মিচিং বানে কেবাঙে প্ৰকাশ কৰা গোগামুখ ঘোষণা পত্ৰৰ প্ৰস্তাৱ সমূহ কাৰ্যকৰী কৰিবলৈ আজি কুম্বাঙত স্থিত সূৰ্য চিন্তে মেমৰিয়েল সাংস্কৃতিক ভৱনত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৰ সভাপতিত্বত এখনি কৰ্মশালা অনুষ্ঠিত হয়।
অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ কৃষ্টি, সংস্কৃতি, ধৰ্মীয় পৰম্পৰা আৰু উৎসৱ পাৰ্বনসমূহক নিজস্ব ৰূপত জীয়াই ৰখাৰ উদ্দেশ্যে প্ৰস্তুত কৰা নীতি নিয়মৰ সম্পৰ্কে এই কৰ্মশালা সভাতে বিস্তৃত ভাবে আলোচনা কৰা হয়।