সন্মিলিত গণশক্তিৰ ১৫ তম প্ৰতিষ্ঠা দিৱস আজি ২৮ নং ধনশ্ৰী দিচৈ সমষ্টিৰ বংকোৱাল বালিচাপৰিৰ নাট্য মন্দিৰত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷
পুৱা ৬ বজাত চাফাই অভিযানেৰে আৰম্ভ হোৱা অনুষ্ঠানত বৃক্ষৰোপন,বন্তি প্ৰজ্বলন আৰু স্মৃতি
তৰ্পণ,পাতাকা উত্তোলনৰ পিছতে দিনৰ ১১ বজাৰ পৰা মুকলি সভা আৰম্ভ হয়৷মুকলি সভাখন উদ্বোধন
কৰে গোলাঘাট জিলা সন্মিলিত গণশক্তিৰ সম্পাদক দেৱেন কামানে৷সভাত গোলাঘাট জিলা সন্মিলিত
গণশক্তিৰ সভাপতি পদ্ম লইং,২৮ নং ধনশ্ৰী দিচৈ ব্লেক সমিতিৰ উপ-সভাপতি পলাশ পাঠৰী,২৮ নং ধনশ্ৰী
দিচৈ সমষ্টিৰ মিছিং স্বায়ত্ত্বশাসিত পৰিসদৰ সাধাৰণ সদস্য সুধিৰ চন্দ্ৰ মৰাং,সন্মিলিত গণশক্তি অসমৰ
কেন্দ্ৰীয় সদস্য অজিত দলে,ভীমকান্ত টাইদ,মন্টু লইং,হীৰামাই দলে,নিপামনি দাওঁ,পলাশ
মৰাং,সোনতৰা বৰি,কোলাৰাম পেগু,জয়া পাছুং,দুৰ্লভ বৰি,জীতু বৰি আদিয়ে উপস্থিত থাকে৷
বলোৰাম কামান
মিছিং লুতাদ