ঐক্যবদ্ধ, আপোচহীন,প্ৰগতিশীল,জাতীয়তাবাদী চিন্তাক মূলমন্ত্ৰ হিচাপে লৈ আগবঢ়া কৃষক মুক্ত
আৰু ৭০ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐৰসত ভূমিষ্ঠ হোৱা “ৰাইজৰ দল"ৰ আজি বোকাখাত
বিধান সভা সমষ্টিৰ আহ্বায়ক সমিতিখন গঠন কৰা হয়৷এই উপলক্ষে বোকাখাতৰ পুৱতি সাহিত্য
সভা ভৱনত আয়োজিত সভাত সভাপতিত্ব কৰে গোলাঘাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
সভাপতি ধৰ্মেশ্বৰ শইকীয়াই আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়াই গোলাঘাট জিলা ৰাইজৰ দলৰ আহ্বায়ক
ৰতন দাৱে৷সভাত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক প্ৰবীন দাস,গোলাঘাট জিলা ৰাইজৰ দলৰ মুখ্য আহ্বায়ক প্ৰাঞ্জল গগৈ,বিদ্যুত মহন্ত,ৰাজ্যি আহ্বায়ক ধ্ৰুৱ ভৰালী,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
সম্পাদক বিদ্যুত শইকীয়া,এন চি পিৰ নেতা মৃদুল শইকীয়াই সভাত উপস্থিত থাকি ভাষণ প্ৰদানক
কৰে৷বোকাখত সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডেৰ শতাধিক লোকৰ উপস্থিতিত ৩০ জন ব্যক্তিক মুখ্য
আহ্বায়ক হিচাপে লৈ ১০১ জনীয়া বোকাখাত সমষ্টি "ৰাইজৰ দল"ৰ সমিতিখন গঠন কৰা হয়৷
বলোৰাম কামান, মিছিং লোতাদ
মহুৰামুখ৷