শনিবাৰে পুৱাই যোৰহাট নগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নি নিৰ্বাপক বাহিনীৰ চেষ্টাত জুই নিৰ্বাপন হয় যদিও অগ্নিকাণ্ডত ৩০ টাতকৈয়ো অধিক বাসগৃহৰ ক্ষতিসাধন হয়।
যোৰহাট নগৰৰ হৰিজন কলনীত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে পোহৰলৈ অহা নাই।
শনিবাৰে পুৱা ষট পূজাৰ আনন্দত বিলীন হৈ থকাৰ সময়তে সূত্ৰপাত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ।
যোৰহাট, তিতাবৰ আৰু মৰিয়নিৰ পৰা অহা সাত খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ১ ঘণ্টা ধৰি
চলোৱা চেষ্টাৰ পিছত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত প্ৰায় ৫টা চিলিণ্ডাৰ বিস্ফোৰণ
হোৱাৰ সন্দেহ কৰা হৈছে। চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতে জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে।
