মাজুলী যোৰহাট সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ঘোষনাত মাজুলীত আনন্দৰ উল্লাস।
যোৰহাটৰ পৰা মাজুলী সংযোগী পথক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে কেন্দ্ৰীয় চৰকাৰে ১৭ নবেম্বৰ তাৰিখে ভাৰতৰ ৰাজপত্ৰত আনুষ্ঠানিক ভাবে অধিশোচনা কৰা যোৰহাটৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সংযোগ স্থলীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটত সমাপ্ত হব লগা পথচোৱাক ৭১৫-কে নং নতুন ৰাষ্টীয় ঘাইপথ হিচাপে ঘোষণা কৰা দ্বীপ জিলা মাজুলীত আনন্দৰ উল্লাস উৎভাসিত হৈছে।
সেই উদ্দেশে বিয়লি ৩ বজাত মাজুলী জিলাৰ বিজেপি কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি জিলাৰ বিজেপি সভাপতি লোকনাথ কুটুম আৰু সাধাৰণ সম্পাদক দেৱবত দত্ত , বিজেপি ৰাজ্যিক মেডিয়া কোষৰ আব্যায়ক মনোজ বৰাই কয় কেন্দ্ৰীয় চৰকাৰে মাজুলী আৰু যোৰহাট সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিত্যত মাজুলীৰ উন্নত যাতায়ত ব্যৱস্থাৰ জড়িয়তে এক যোগান্তকাৰী পৰিবৰ্তন সুচনা হ'ব।
এই ক্ষেত্ৰত বিজেপি নেতা দয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় ঘাইপথ ৰাজমাৰ্ক মন্তালয়ৰ মন্ত্ৰী জয়ৰাম নিতিন গাডকাৰী, অসমৰ মূখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱাল ' ৰাজ্যিক পথ পৰিৱহণ মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক মাজুলীৰ বাসীৰ হৈ আন্তৰিক ধন্যবাদ জনায়।
ইয়াৰ পিছতে বিপুল সংখ্যক বিজেপি সমৰ্থকে বিজেপি জিলা কাৰ্যালয় সন্মুখত ফতকা , ফুলজাৰী আদি ফুটাই ভাৰত চৰকাৰ জিন্দাবাদ অসম চৰকাৰ জিন্দাবাদ , ভাৰত মাতাকী জয় আদি জয়ত ধ্বনিৰে আনন্দ উল্লাস কৰে।
মাজুলী পৰা লোকনাথ নৰহ প্ৰতিবেদন Mising Lutad