অসম চৰকাৰ, সাংস্কৃতিক সঞ্চালকালয়ৰ অনুমোদিত মাজুলী জিলা সাংস্কৃতিক বিকাশ মঞ্চ অসমৰ উদ্যোগত আজি দ্বীপ জিলা মাজুলীৰ নামনি চেৰেপাই হৰি মন্দিৰত অংকীয়া নাট কৰ্মশালা শুভ উদ্ধোধন কৰা হয়।
এই অংকীয়া নাট কৰ্মশালা খনি শুভ উদ্ধোধন কৰে দক্ষিণপাট গৃহস্বামী সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সাংস্কৃতিক বিকাশ মঞ্চৰ সভাপতি জনাৰ্ন্দন দেৱ গোস্বামীয়ে ।
সাংস্কৃতিক বিকাশ মঞ্চ অসমৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকাই উদ্দেশ্য ব্যখ্যা প্ৰসংগত কয় যে অসমীয়াৰ সংস্কৃতি অতি বৰ্নাধ্য আৰু বিশাল।
সাংস্কৃতিক বিকাশ মঞ্চই এই সংস্কৃতি প্ৰচাৰ, প্ৰসাৰ আৰু প্ৰশিক্ষণৰ দ্বাৰা সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমূহ বৰ্ণিল ৰূপত তুলি ধৰা প্ৰয়াস কৰি আহিছে।
