আজি আবেলি জোনাইৰ লস্কৰ উপাধিৰ এটা গেৰেজৰ পৰা চোৰাংকৈ বিক্ৰী কৰাৰ সন্দেহত জোনাই আৰক্ষীয়ে এখন ট্ৰেক্টৰ জব্দ কৰি থানালৈ লৈ যায় ৷ লক্ষ্মীমপুৰ জিলাৰ মহেন্দ্ৰ Finance ৰ কৰ্মীয়ে বহু দিনৰ পৰা এইখন ট্ৰেক্টৰ কিস্তি আদায় নিদিয়া ও যোগাযোগ কৰি নোপোৱাত আজি হতাৎ জোনাইত এইখন ট্ৰেক্টৰৰ গেৰেজত দেখা পায় জোনাই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ট্ৰেক্টৰখন জব্দ কৰে ৷ জোনাই আৰক্ষী থানাত এই সন্দৰ্ভত লক্ষ্মীমপুৰ মহেন্দ্ৰ Finance ৰ কৰ্মীয়ে এক গোচৰ তৰিছে ৷
জানিবলৈ দিয়া মতে যোৱা ২২ মাৰ্চ ২০২০ তাৰিখে
ধেমাজি মাছখোৱাৰ প্ৰদীপ চুতীয়া নামৰ ব্যক্তি জনে লক্ষ্মীমপুৰৰ মহেন্দ্ৰ ফাইন্চেৰ পৰা এখন ট্ৰেক্টৰ কিস্তিত ক্ৰয় কৰিছিল ৷ দুমাহ কিস্তি আদায় দিয়াৰ পিছত পৰৱৰ্তী কিস্তিৰ বাবে কোম্পানীৰ লগত কোনো যোগাযোগ হোৱা নাছিল
৷ সেয়ে মহেন্দ্ৰ কোম্পানীৰ প্ৰতিনিধিয়ে কেবামাহ ধৰি গোপনে ট্ৰেক্টৰখন বিছাৰি আছিল ৷
বিশেষ সুত্ৰে জানিব পৰা মতে ধেমাজী বুঠিকোৰৰ অৱনী ফুকন আৰু প্ৰাঞ্জল শইকীয়া নামৰ ব্যক্তি দুজনে অৰুণাচলৰ ডেনিয়েল পাদুঙ নামৰ ব্যক্তি এজনৰ লগত গোপনে বিক্ৰী কৰিছিল ৷ ৰাইজে এই গোটেই ঘটনাটোত এক বৃহৎ গাড়ী চোৰৰ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷