মিচিং লুতাদৰ লুজাৰ অনুষ্ঠানত আজি আমি আমাৰ সমাজতো যে ঘৃণনীয় আৰু অতি নিন্দনীয়
ঘটনা ঘটিব লৈছে সেই সম্পৰ্কে সতৰ্কতাৰ এটি চমু আলোচনা আগবঢ়ালোঁ।
যিয়েটো মিচিং সমাজত ধর্ষণ ঘটনা বহুত কমে দেখা গৈছিল বা না ৰ বৰাবৰ আছিল। কিন্তু গহপুৰৰ
জানমণি কুটুমৰ ঘটনাই ৰাজ্য, জিলা আৰু গহপুৰৰ অঞ্চলত মিচিং জনগোষ্ঠীৰ সীমা চেৰাই দিছিল
কিছুমান বৰ্বৰ পাখণ্ডৰ কাৰণে।
সেয়ে আমিও দেখিলো জনতাৰ আন্দোলন আৰু মানৱতাৰ যুঁজত কেনেকৈ কিছুমান কলংকিত ব্যক্তিৰ
বাবে হওক বা আইনৰ সুৰুঙাতে হওঁক দানৱবোৰে আকৌ মুকলি আকাশৰ তলত আছিলগৈ।
এই ঘটনাৰ জুইৰ চাই ঠাণ্ডা হোৱাই নাই আকৌ শুনা পালোঁ সোৱণশিৰী পাৰত আৰু চিলাপথাৰত আকৌ
মিচিং ৰেঙামৰ মাজত এটা দুখ লগা হৃদয়স্পৰ্শী ঘটনা, কিছুমান বৰ্বৰ দানৱৰ অমানৱীয় পৰিচয় পালোঁ।
গতিকে আমি বৰ চিন্তাত পৰিছো, আমাৰ জনগোষ্ঠীত এনে ঘটনা আগতে নাছিল কলেও ভুল নহব,
কিন্তু এতিয়া আধুনিকতাৰ কি দাগ লাগিল এটাৰ পিছত আনটো ঘটনা ঘটিব লৈছে।
তাকে আমি মিচিং লুতাদ অপেৰ চমু আলোচনা এটি আগবঢ়ালোঁ, আচলতে মনৰ বেয়া লগা খিনি প্ৰকাশ কৰিলোঁ,
কি কৰিলে এই অমানৱীয়তাক নাইকিয়া কৰিব পাৰিব আমাৰ সমাজৰ পৰা বা কি কৰিলে এনে ঘটনাৰ
পৰা বাচিব পাৰি, আমিও নাজানো তথাপিও আমাৰ সৰু মগজুৰ সৰু চিন্তাৰ কিছু কথা আগবঢ়ালোঁ ৰেঙাগামলৈ।