নিৰক্ষৰ , অন্ধবিশ্বাস , কুসংস্কাৰ আদিয়ে গ্ৰাহকৰা মিচিং সমাজক সংস্কাৰ কৰি পোহৰৰ বাট দেখুৱাবলৈ স্বাধীনতাৰ আগৰ পৰাই বিভিন্ন নামেৰে সংগঠন গঢ়ি মিচিং ছাত্ৰ সকলে জাতিটোৰ উন্নতিৰ বাবে কাম কৰি আহিছে ৷ ১৯৩৩ চনত " অসম মিৰি ছাত্ৰ সন্মিলন " গঠন কৰা হৈছিল ৷
যাক স্বাধীনতাৰ পৰবৰ্তী সময়ত " উত্তৰপৰীয়া মিচিং ছাত্ৰ সন্হা" নামেৰে নামাকৰণ কৰা হয় ৷এয়াই সম্ভৱত প্ৰথম মিচিং ছাত্ৰ সংগঠন আছিল ৷ ১৯৫১ চনত বৰ্তমানৰ জ'নাই অঞ্চলক লৈ মূৰ্কংচেলেক হস্তান্তৰিত এলেকা মিচিং ছাত্ৰ সন্হা আৰু ১৯৫৯ চনত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে " দক্ষিণপৰীয়া মিচিং ছাত্ৰ সন্হা" ; গহপুৰ - লোহিতমুখ অঞ্চলক লৈ " লোহিতপৰীয়া মিচিং ছাত্ৰ সন্হা"গঠন কৰা হৈছিল ৷
তাৰ পৰৱৰ্তী সময়ত ঐক্যবদ্ধ তথা নৱ চেতনাৰে সেই সময়ত অধ্যয়নৰত কেইজনমান সচেতন ছাত্ৰ ক্ৰমে সোণাধৰ পাতিৰ , মেদিনী মোহন দলে , কুমচন পাগিং , মধুৰাম পেগু , দেবেন পেগু , ৰঞ্জিত দলে আদিকৰি কেবাজনো ছাত্ৰৰ উদ্যোগত ১৯৭১ চনৰ ১৬ আৰু ১৭ অক্টোবৰত জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেদিনী মোহন দলেক সভাপতি আৰু সোণাধৰ পাতিৰক সম্পাদক হিচাপে লৈ সু সংগঠিত ৰূপত " অসম- নেফা মিচিং ছাত্ৰ সন্হা" প্ৰতিষ্ঠা কৰা হয় ৷
যদিও নেফাই ১৯৭২ চনত অৰুণাচল প্ৰদেশক কেন্দ্ৰীয়শাসিত ৰাজ্যলৈ ঘোষণা কৰাৰ ফলত ১৯৭৮ চনত ' সদৌ মিচিং ছাত্ৰ সন্হা" আৰু ১৯৮৫ চনত মাজুলী অধিবেশনত " টাকাম মিচিং পৰিণ কৗবাঙ " TMPK , (All Mising Student Unions ) নামেৰে নামাকৰণ কৰা হয় ৷
TMPK মিচিং জনগোষ্ঠীৰ একমাত্ৰ জাতীয় ছাত্ৰ সংগঠন ৷ মিচিং জনগোষ্ঠীৰ ৰাজহাড় স্বৰূপ ৷ আৰু এই জাতীয় ছাত্ৰ সংগঠনে আগন্তুক ২০২১ বৰ্ষত বহু উত্তান পতন ; ঘাট - প্ৰতিঘাতৰ মাজেৰে ৫০ বছৰত ভৰি দিব ৷ ১৯৮২ চনৰ পৰা এক ১৪ দফীয়া উমৈহতীয়া দাবীৰ উপৰিও মিচিং অধ্যোষিত অঞ্চলক লৈ সাংবিধানিক সুৰক্ষা থকা অৰ্থাৎ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ অন্তৰ্গত স্বায়ত্ত্ব শাসন প্ৰদানৰ দাবীত দীৰ্ঘদিন ধৰি এক আপোচবিহীন সংগ্ৰাম অব্যাহত ৰাখিছে ৷
আজি আগন্তুক ২০২১ বৰ্ষত বছৰযোৰা সোণালী জয়ন্তী উদযাপন সম্পৰ্কে জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত TMPK ৰ প্ৰাক্তন সভাপতি - সম্পাদক ক্ৰমে নৰেশ কুম্বাং , ৰাজু মেদক আৰু TMPK জ'নাই জিলা সমিতিৰ সভাপতি - সম্পাদক ক্ৰমে কান্দা টায়েঙ , বিধান মিলিৰ আহ্বানত অভ্যৰ্থনা সমিতি গঠনাৰ্থে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷প্ৰথমে জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মিচিং বানে কেবাঙৰ সৌজন্যত তলুৱা শিল্প বাহ - বেত , কাতিকামী আদিৰ দ্বাৰা নিৰ্মাণ কৰিব পৰা সা - সামগ্ৰীৰ এক প্ৰশিক্ষণৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য যে আগন্তুক TMPKৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনত প্ৰয়োজনীয় ১০০ শতাংশ সামগ্ৰীয়ে নিজাকৈ উৎপাদন কৰি ব্যৱহাৰ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
সভাত উপস্থিত থাকি সোণালী জয়ন্তী বৰ্ষৰ LOGO আনুষ্ঠানিক ভাৱে উন্মোচন কৰে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়ে্ঙীয়াই ৷ সভাত TMPKৰ প্ৰাক্তন নেতা তথা জোনাই সমষ্টিৰ স্হানীয় বিধায়ক ভুৱন পেগু ; TMPKৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি - সম্পাদক ক্ৰমে ৰাজকুমাৰ মৰাঙ , তিলক দলে প্ৰমুখ্যে কেবাজনো কেন্দ্ৰীই কমিটিৰ নেতৃবৃন্দৰ উপৰিও ড° হৰকান্ত পেগু , প্ৰতাপ চন্দ্ৰ পাৱ , নন্দেশ্বৰ ৰেগন , শিল্পী তৰাবতি বড়ি মিলি আদি প্ৰায় তিনিশতাধিক ৰাইজে উপস্থিত থাকে ৷
আজিৰ ৰাজহুৱা সভাই ৰাজু মেদকক সভাপতি আৰু নৰেশ কুম্বাঙক সম্পাদক হিচাপে লৈ ১০১জনীয়া এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷ জানিব পৰা মতে এই বৰ্ষযোৰা সোণালী জয়ন্তী উদযাপন কাৰ্যসূচী আগন্তুক ২০২১ বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত প্ৰথমে জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুদিনীয়াকৈ আৰু চিলাপথাৰ , মাজুলী, ঢকুৱাখনা ,গোগামূখ আদিটো উদযাপন কৰা হব ৷ অভ্যৰ্থনা সমিতি ও TMPK ৰ নেতৃবৃন্দই সোণালী জয়ন্তী বৰ্ষ উদযাপন সফল কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা ও সু- দিহাপৰামৰ্শ কামনা কৰিছে ৷
