গহপুৰৰ বালিজানত ভয়ংকৰ শোকাৱহ পথ দুৰ্ঘটনা।
৩০ ফুট দ খাৱৈত নিশা দহ বজাত নিয়ন্ত্ৰন হেৰুৱাই বাগৰিল "হুণ্ডাই ইয়ণ"।
বালিজান SBI শাখাৰ চাৰি জন বেংক কৰ্মচাৰী আছিল বাহন খনত।
দুজনক ততাতয়াকৈ এজন স্থানীয় যুৱকে উদ্ধাৰ কৰে যদিও বাকী দুজন গাড়ী সহ পানীৰ তলতে আৱদ্ধ হৈ পৰে। নিজৰ সতীৰ্থক ভাড়াঘৰত থবলৈ গৈ উভতি অহাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটি।
SBI বলিজান শাখাৰ cash officer বিহাৰৰ বিশাল ৰাজ আৰু বেংকৰ অস্থায়ী কৰ্মচাৰী গহপুৰ ডুবিয়াৰ জাৰণী গাৱঁৰ ৰামেশ্বৰ ওৰাংৰ মৃত্যু হয়।
SDRF বাহিনীয়ে গহপুৰ প্ৰশাসনৰ সহযোগত নিশা প্ৰচণ্ড শীতকো নেওঁচি পানীৰ তলত নেৰা নেপেৰা অভিযান চলায় পুৱতি নিশা চাৰি বজাত গাড়ীখনৰ সহ মৃত ব্যক্তি দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ব্ৰহ্মাজান দিশৰ পৰা গহপুৰ নগৰলৈ আহি আছিল বাহনখন। সকলোৰে মৰমৰ বেংক কৰ্মচাৰী দুজনৰ মৃত্যুত শোকাকুল হৈ পৰিছে অঞ্চলবাসী।

