ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ।
ৰাজ্যৰ চৌদিশে এতিয়া জনসাধাৰণ ব্যস্ত হৈ পৰিছে সমাগত অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুক আদৰিবলৈ।
এনে সময়তে ভোগালী বিহুটিক আদৰাৰ বাবে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ঢকুৱাখনাত ভেলাঘৰ নিৰ্মাণেৰে চলাইছে এক অঘোষিত প্ৰতিযোগিতা
সমান্তৰালভাৱে ঢকুৱাখনাৰ ভলুকাগুৰিত মাঘ বিহু উপলক্ষে জাহাজৰ আৰ্হিত নিৰ্মাণ কৰা এটা ভেলাঘৰে সকলো লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।
গাৱঁৰ ডেকা সকলে ১০-১৫ দিন ধৰি দিনে-নিশাই চলোৱা এক প্ৰস্তুতিৰ অন্তত সাজি উলিয়াইছে এখন আটক ধুনীয়া এই জাহাজখন।
এই বৃহৎ আকাৰৰ ভেলাঘৰ আকাৰ হৈছে দীঘলে ৬০ ফুট, বহলে ১৫ ফুট আৰু ২০ ফুট উচ্চতাৰ।