পেলনীয়া সামগ্ৰীৰে সময়ে সময়ে বিভিন্নজনে বিভিন্ন সামগ্ৰী নিৰ্মান কৰা আমি সকলোৱে শুনিছোঁ। বিশেষকৈ পেলনীয়া সামগ্ৰীৰে পূজাৰ সময়ত প্ৰতিমূৰ্তি, ঘৰৰ ড্ৰয়িংৰুমৰ বাবে আকৰ্ষণীয় শ্বপিছ নিৰ্মান কৰা বহুতৰে নিচা।
কিন্ত পেলনীয়া প্লাষ্টিকৰ বটলৰ নাওঁ নিৰ্মান কৰি সেই নাও লৈ যাত্ৰা কৰাৰ কথা শুনিছেনে ? আচৰিত যেন লাগিলেও সত্য যে ডিব্ৰুগড়ত এজন যুৱকে নিৰ্মাণ কৰি উলিয়াইছে এনে পেলনীয়া সামগ্ৰীৰে এখন বিশেষ নাওঁ।
আপুনি কাঠৰ নাওঁ দেখিছে, বিভিন্ন প্ৰকাৰৰ বাহৰ বা কলগছৰ ভোৰ ও দেখিছে বাৰিষাৰ সময়ত।কিন্তু এখন প্লাষ্টিকৰ পেলনীয়া বটলৰ জৰিয়তে নিৰ্মাণ কৰি উলিয়াইছে এখন বিশেষ নাওঁ।আনহাতে নাওঁ খন কোনো জান বা জুৰিত, বা সৰু নদীত চলোৱাৰ বাবে নহয়।বাৰিষা উফন্দি উঠা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত এখন প্লাষ্টিকৰ বটলৰ জৰিয়তে নিৰ্মাণ কৰি উলিওৱা নাওঁ।যিখনৰ জৰিয়তে ডিব্ৰুগড়ৰ বগীবিল দলং প্ৰাংগণৰ পৰা সুদূৰ নদীদ্বীপ মাজুলীত উপস্থিত হৈছেহি। এই দুসাহসীক যাত্ৰাৰ সাক্ষী হৈ মাজুলী কমলাবাৰী ফেৰী ঘাটত উপস্থিত হৈছে ধীৰাজ বিকাশ গগৈ নামৰ এজন যুৱক।
প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ” থ্ৰীম লৈ ব্ৰহ্মপুত্ৰৰ ডিব্ৰুগড় বগীবিলৰ পৰা নদী দ্বীপ মাজুলীত উপস্থিত হৈছে এই সাহসী যুৱক জন। ।
বগীবিলৰ অপৰূপ সৌন্দৰ্য্য স্থলিত বনভোজ খাই এৰি যোৱা প্লাষ্টিকৰ বটল সমুহ বুটলি প্ৰায় ১৬০০ শ টা বটলৰ জৰিয়তে যুৱকজনে নিৰ্মাণ কৰি উলিয়ালে এই প্লাষ্টিকৰ বটলৰ নাওঁ খন।
উল্লেখযোগ্য যে প্লাষ্টিক পচি মাটিৰ সৈতে মিলি যাবলৈ প্ৰায় যুগ যুগ বছৰৰ প্ৰয়োজন আৰু ই মাটিৰ উৰ্বৰা শক্তি সম্পূৰ্ণৰূপে নষ্ট কৰি পেলায়। গতিকে প্লাষ্টিকৰ পুনৰ ব্যৱহাৰৰ জৰিয়তে প্ৰকৃতিৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ ৰোধ কৰা ক্ষেত্ৰতো বহু সহায়ক হ’ব এনে কাৰ্যৰ জৰিয়তে।নাওখন কেইবাটাও তৰপত বটল সমুহ বিজ্ঞান সন্মতভাৱে লগোৱা হৈছে।যাৰ সহায়ত তলৰ পানী তথা কোবাল ঢৌৱে নাওখন ওপৰলৈ উঠি আহিব নোৱাৰে।
ভৰ বাৰিষাৰ সময়তো ৬ গৰাকী যাত্ৰী কঢ়িয়াই লৈ যাব পৰা নাওঁ খনৰ জৰিয়তে যুৱক জন প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰৰ বাৰ্তা লৈ সুদুৰ ডিব্ৰুগড়ৰ পৰা আহি সত্ৰ নগৰী মাজুলীত উপস্থিত হৈছে। ।উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈয়ে ইতিমধ্যে বগীবিলত ব্ৰহ্মপুত্ৰৰ মুকুতা নামৰ এখন বিশাল জাহাজ নিমান কৰি পৰ্যতন ক্ষেত্ৰত এক নতুন সংযোজন ঘটাই নদী পৰ্যতনৰ বিপ্লৱ সুচনা কৰিছে বগীবিলত।