বিশ্বনাথৰ ছোৱাগুৰী অঞ্চলৰ ব্ৰাহ্মপুত্ৰ নৈৰ পৰা উদ্ধাৰ হোৱা এটা বেগক লৈ তীব্ৰ চাঞ্চল্য বিশ্বনাথত।
শুক্ৰবাৰে গুপ্তকাশী বিশ্বনাথ ঘাটৰ ছোৱাগুৰী ১ নং মাথাউৰিত নুৰ মহম্মদ আৰু ছাহজাহান আলিয়ে মাছ মাৰিবলৈ গৈ নদীত উটি গৈ থকা অবস্থাত উদ্ধাৰ কৰে বেগটো।
বেগটোৰ পৰা উদ্ধাৰ অধাৰ কাৰ্ড,ভোটাৰ কাৰ্ড,পেন কাৰ্ড,মেখেলা চাদৰ আৰু এটা পুৰুষৰ চাৰ্ট আছিল বেগটোৰ ভিতৰত।
বেগটোৰ পৰা উদ্ধাৰ হোৱা পৰিচয় পত্ৰ হল ৰুপৰেশা বৰা,স্বামী ইন্দেশ্বৰ বৰা আৰু ঠিকনা লক্ষীমপুৰৰ।
আনহাতে বিশ্বনাথ ঘাট নদী আৰক্ষীয়ে মাজুলী প্ৰশাসনৰ লগত যোগাযোগ কৰি নিশ্চিত কৰিলে যে মাজুলীৰ নিমাতী ঘাটত সংঘটিত হোৱা ফেৰিৰ যাত্ৰী আছিল ৰুপৰেখা বৰা।
স্বামী ইন্দেশ্বৰ বৰা এতিয়াও নৈতে সন্ধানহীন হৈ আছে যদিও গুপ্তকাশী বিশ্বনাথ ঘাটত উদ্ধাৰ হৈছে তেওঁলোকৰ বহু সামগ্ৰী ভৰ্তী বেগটো।বেগটো গুপ্তকাশী বিশ্বনাথত উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।