বানপানীৰ
পাছত কেনে পৰিস্থিতি লাইকা-দধিয়াবাসী ৰাইজ। এক দুৰ্বিষ জীৱন-শ শ বিঘা
কৃষিভুমি পলসে পুতি পেলালে।
লাইকা-দধিয়াবাসীৰ ৰাইজৰ কৃষিভুমি বানে তচনচ কৰি পেলালে। কৃষিৰ ওপৰতে নিৰ্ভৰশীল বনগাঁওৰ দুখনত প্ৰতি বছৰে হোৱা প্ৰলয়ংকাৰী বানে স্তব্ধ কৰিছে জনজীৱন।
ইফালে বানত ক্ষতিগ্ৰস্ত কৃষকৰ এইবাৰ চৰকাৰে ক্ষতিপূৰণ দিব নে নাই? সেয়া স্পষ্ট নোহোৱাত মুৰে-কপালে হাত দিব লগীয়া হৈছে কৃষকসকলে।
উল্গেখ্য,বিগত ৩০ টা বছৰে পুঃনৰ সংস্থাপনৰ দাবীত অটল হৈ থকা লাইকা-দধিয়াবাসীয়ে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনভুমিত কৰা কৃষিকাৰ্যৰে পৰিয়াল পোহপাল দি আহিছে।
ৰাজ্য চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবে পুঃনৰ সংস্থাপনৰ পৰা এতিয়াও বঞ্চিত হৈ অঞ্চলটোৰ কৃষকৰ , এতিয়াও না জল না থল অৱস্থা হৈছে।
আনফালে বহুতো পোহনীয়া জীৱ জন্তুৰো মৃত্যু হৈছে। এনে পৰিস্থিতিত এওঁলোকৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।


