এই কাতি বিহু দিনটোতে এটা সুচল পথ আৰু দলং বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ঢকুৱাখনা বিধান সভা সমষ্টিৰ দেৱলীয়া পঞ্চায়তৰ অন্তৰ্গত বালী পুখুৰী নাথ গাঁৱৰ ৰাইজে।
ঘিলামৰা আৰু পাতৃচুক সংযোগী জৰাজীৰ্ণ পথ আৰু দলঙৰ অৱস্থাই জ্বলা কলা সৃষ্টি কৰা পথৰ দুৰৱস্থাৰ বলি হবলগীয়া অৱস্থা হৈছে অঞ্চলবাসী।
ৰোগী, সাধাৰণ যাত্ৰী, বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ বাবে দুৰ্ভোগ সৃষ্টি কৰা এই পথটো সুচল কৰিবলৈ কোনো জনপ্ৰতিনিধিয়ে গুৰুত্ব আৰোপ নকৰাত এনেদৰে কৰে প্ৰতিবাদ সাব্যস্ত।
অতি সোনকালে এই পথটো সুচল কৰি দিবলৈ অসম চৰকাৰ তথা জনপ্ৰতিনিধিক আহ্বান জনাইছে।