বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে গহপুৰ দক্ষিনাঞ্চলৰ কৃষক ৰাইজে ৷
নিশা হ'লেই গহপুৰ দক্ষিনাঞ্চলৰ ডিপৰা,ডাঠকলা,বৰঝহাবাৰী আদি গাৱঁত ধাননি পথাৰত ধান খায়, গছকি
তহিলং কৰি আহিছে বন্যহস্তীয়ে।
বুধ বাৰে নিশাও বনহস্তীয়ে উপদ্ৰৱ চলায় দক্ষিনাঞ্চলৰ গাৱঁ সমূহত।
কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশৰ পৰা খাদ্যৰ সন্ধানত নিশা হ'লেই দৈনিক জনাঞ্চলত প্ৰবেশ কৰা বৃহৎ হাতীৰ জাকে বিগত প্ৰায় এসপ্তাহ ধৰি গঞা ৰাইজক ত্ৰাহি মধুসূদন সোঁৱৰাই আহিছে।
কপালৰ ঘাম মাটিত পেলায় কৰা ধাননি পথাৰ ৰক্ষাৰ বাবে স্থানীয় ৰাইজে উপায় বিহীন হৈ জুই জ্বলাই,ফটকা ফুটাই দৈনিক নিশা হাতী খেদিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।