Share on Facebook

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩তম জন্ম জয়ন্তী

 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩তম জন্ম জয়ন্তী ভাগি আজি জিলা নামঘৰ কাশীডবা ত অনুষ্ঠিত হয়।



 প্ৰাপ্ত বাতৰি মতে কেন্দ্ৰীয়(মূলৰ) সদস্য শ্ৰীযুত ভৱেশ্বৰ ৰায় বাপে আগধৰা গুৰু স্মৰণেৰে আৰম্ভ হোৱা উক্ত সভা সঞ্চালনা কৰে জিলা সভাপতি অতুল চৰণ দাস বাপে ইয়াৰ পিছত উদ্দেশ্য বাখ্যা কৰে জিলা সাধাৰণ সম্পাদক অজিত চৌধুৰী বাপে ।


সভাত চলিত বৰ্ষৰ অহা ৬/৭ নৱেম্বৰ ত বৰপেটা জিলাত দুদিনীয়া বৃহৎ কাৰ্য্যসূচী ৰে অনুষ্ঠিত হব লগীয়া আই মাতৃ আৰু যুৱ সমাৰোহ সন্দৰ্ভত বিষত আলোচনা কৰি উক্ত সমাৰোহ ত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগি সকলক নিৰ্বাচিত কৰে ।

উক্ত সভাতেই কেইবাজনো প্ৰতিযোগিক পৰীক্ষা মূলক ভাবে কেতবোৰ কবিতা,বৰগীত আদি পৰিবেশন কৰিবলৈ দিয়া হয়। সভাত কেন্দ্ৰীয় (মূলৰ) নিৰ্দেশনা পত্ৰ পাঠ কৰি উপস্থিত সমূহ বাপ বান্ধৱ ,আই মাতৃ সকলক অৱগত কৰে।

 পিছত গুৰু স্মৰণেৰে সভা সামৰণি পেলায়।ইয়াৰ আগতে ৰাতিপুৱা ৬বজাত জিলা সেৱা বাহিনীৰ উদ্যোগত পৰিবেশ নিকাকৰণ কৰে আৰু ৰাতিপুৱা ৭বজাত জিলাখনৰ  সৃজনগ্ৰাম আঞ্চলিক শাখাৰ সভাপতি শ্ৰীযুত তাৰা প্ৰসাদ সিংহ বাপৰ নামাচার্য ৰ উদ্যোগত নাম প্ৰসঙ্গ অনুষ্ঠিত হয়। 

আৰু ধৰ্মৰ ধ্বজা উত্তোলন কৰে জিলা সভাপতি শ্ৰীযুত অতুল চৰণ দাস বাপে।ইয়াৰ পিছত জিলা কাৰ্য্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে শৰণ সদস্য শ্ৰীযুত ফুল চৰণ পাঠক বাপে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে জিলা সম্পাদক শ্ৰীযুত অজিত চৌধুৰী বাপে বুলি এই বাটৰিটোত প্ৰকাশ।।     

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم