বৰ্হিৰাজ্যত সন্দেহজনক মৃত্যুক হোৱা যুৱক মৃতদেহ ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা শিক্ষা মন্ত্ৰীৰ
তৎপৰতাত
যোৱা ২৪ অক্টোবৰত কেৰেলাত সন্দেহজনক মৃত্যুৰ বলী হোৱা ঢকুৱাখনা থানাৰ পূৱ ঢকুৱাখনাৰ ইন্দুৰ
গাঁওৰ যুৱক ৰাজীৱ দলেৰ মৃতদেহ ঘৰলৈ আনিবৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য
চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।
আজি বিয়লি দুই বজাত কেৰালাৰ পৰা ঢকুৱাখনাৰ ঘৰলৈ ৰাজীৱৰ মৃতদেহ আহি পায় বুলিও জানিব পৰা গৈছে।
Tags:
Assam news