১৪ বছৰ বিৰতিৰ পিছত জনপ্ৰিয় শিল্পী ভবেশ মৰাঙৰ নতুন গীতৰ শুভমুক্তি ।
ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বোকাখাত মহকুমাৰ মহুৰামুখৰ বংকুৱাল অঞ্চলৰ কেইবাগৰাকীও সম্ভাৱনাময় শিল্পীৰ জন্ম হৈছিল৷তাৰে ভিতৰত উল্লেখনীয় আছিল ভৱেশ মৰাং৷সেই সময়ৰ চফল ডেকা ভৱেশে জীবিকাৰ তাড়নাত যোৰহাটত ৰিক্সা চলাই থাকোতেই সঙ্গীতৰ প্ৰতি আকৃষ্ট হয়৷২০০৬ চনত “ৰূপহী গাভৰু” নামৰ বিহুৰ কেচেটো জড়িয়তে সংগীতৰ পথাখনত খোজ দিয়া ভবেশে নিজ লিখা ছটাকৈ গীত নিজৰ পৰিকল্পনাত চয়নিকা দত্তৰ স’তে কন্ঠ দান কৰিছিল৷তাৰ পিছতে “কাঁচি জোন”,“ঐ তৰাদৈ”,“বহাগী মন” আদি কেচেটত ২০০৬ৰ পৰা ২০০৮ লৈ গীত লিখিছিল৷তাৰ ওপৰিও নিজৰ ৰিক্সা চলোৱাৰ অভিজ্ঞতাৰে “ৰিক্সা চলাই” নামেৰে এটি গীতৰ জড়িয়তে জনপ্ৰিয় হৈ পৰে৷যদিও পৰৱৰ্তী সময়ত জীৱন আৰু জীবিকাৰ তাড়নাত অন্যান্য কামত ব্যস্ত হৈ পৰাত সংগীতৰ স’তে সম্পৰ্ক একপ্ৰকাৰৰ চিন্ন হৈ পৰিছিল৷অঞ্চলতোৰ সাংস্কৃতিক দিশটো অগুৱাই নিয়াৰ প্ৰয়াসেৰে জন্মলাভ কৰা “নৈ পৰীয়া সুৰ বাহিনী” নামৰ সাংস্কৃতিক সমিতিখনে আপ্ৰাণ চেষ্টা চলাই থকাৰ সমান্তৰালভাৱে ন ন শিল্পীয়ে নতুন নতুন গীত ৰাইজলৈ আগবঢ়াই দি আহিছে৷উক্ত বিষয়টোৱে ভবেশৰ শিল্পী মনক আকৌ জাগ্ৰত কৰি তুলাত সুদীৰ্ঘ ১৪ বছৰৰ পিছত আকৌ নতুনকৈ সংগীতৰ পথাৰখনত সংযোজন কৰালে আজি “মন কিয় উৰা মাৰে” নামৰ নতুন গীতৰ৷সেই উপলক্ষে বংকোৱাল বালিচাপৰি নাট্য মন্দিৰত আয়োজিত গীত উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে শিল্পী ভবেশ মৰাঙে৷৯০ ৰ দশকৰ জনপ্ৰিয় “বগীতৰা” স্ৰষ্টা ললিত লইঙে বুটাম টিপি শুভ উদ্মোচন কৰা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য ৰাখে সংগ্ৰামী নেতা তথা সমাজ সেৱক পদ্ম কান্ত লইং,সংগীত শিল্পী বিশ্ব মৰাং,শিল্পী বিজয় বাস্তৱ,জেষ্ঠ সমাজ সেৱক ডিম্পল ঢেকীয়াল ফুকনে উপস্থিত থাকে মহুৰামুখৰ জেষ্ঠ সাংবাদিক সৰুধন মৰাং,সমাজ সেৱক পোৱালি বৰি,কান্ত বৰি আদিয়ে৷এম ডি প্ৰডাকচনৰ বেনাৰত মুক্তি দিয়া গীতটিৰ কথা,সুৰ আৰু কন্ঠ ভৱেশ মৰাঙৰ সংগীত চেন্দী আৰু শব্দ সংমিশ্ৰণ বিশ্বজিত মৰাঙৰ৷শ্ৰুতিমধুৰ আধুনিক গীতটো “ময়ুৰী প্ৰডাকচন ইউটিউব” চেনেলত উপলব্ধ হব বুলি জনাইছে৷