হোম আইচ'লেচনত বিধায়ক অখিল গগৈ, পত্নী-পুত্ৰ আক্ৰান্ত ক'ভিডত ,মূৰৰ বিষ আৰু জ্বৰত ভুগি আছে গগৈ নিজেও।
বিধায়ক অখিল গগৈয়ে এই কথা ছ'চিয়েল মিডিয়াযোগে অৱগত কৰে যে -পত্নী গীতাশ্ৰী তামুলী আৰু একমাত্ৰ পুত্ৰ নচিকেতা কোৰোনাত আক্ৰান্ত হৈছে। মূৰৰ বিষ আৰু জ্বৰত ভুগি থকাৰ পিছত আজি তেওঁৰ পত্নী আৰু পুত্ৰ কোভিড পজিটিভ বুলি ধৰা পৰে। শিৱসাগৰৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈ নিজেও জ্বৰ আৰু মূৰৰ বিষত ভুগি আছে যদিও তেওঁ বৰ্তমানলৈ কোভিডত আক্ৰান্ত হোৱা নাই বুলি উল্লেখ কৰে। এইকেইদিনত তেওঁ কোনো কাৰ্যসূচীত অংশ ল'ব নোৱৰিব বুলি জানিবলৈ দিয়ে আৰু হোম আইচোলেচনত ৫ দিনলৈ ঘৰতে থাকিব বুলিও জানিবলৈ দিয়ে ।
Tags:
Assam news