গোগামুখ গাওঁ পঞ্চায়তৰ উদ্যোগত ধান ক্ৰয় কেন্দ্ৰত বিক্ৰী কৰা সন্দৰ্ভত বিশেষ গাঁও সভা।
দীৰ্ঘ দিনৰ পৰা সাধাৰণ কৃষক ৰাইজে উচিত মূল্যত নিজৰ উৎপাদিত শস্য ধান বিক্ৰী কৰিব নোৱাৰাৰ অভিযোগ সঘনাই উত্থাপিত হৈ আহিছিল।এই অভিযোগক গুৰুত্ব প্ৰদান কৰি বৰ্তমানৰ বিজেপি চৰকাৰে এতিয়াৰে পৰা কৃষক ৰাইজে নিজৰ উৎপাদিত ধান এফচিআইৰ ধান ক্ৰয় কেন্দ্ৰত ধানৰ প্ৰতিটো কুইন্টল ১৯৪০( এক হাজাৰ ন শ )টকাকৈ বিক্ৰী কৰিব পাৰিব বুলি গোগামুখ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বিশেষ গাওঁ সভা অনুষ্ঠিত কৰি গোগামুখ অঞ্চলৰ কৃষক ৰাইজক অৱগত কৰে।
Tags:
Assam news