মাঘৰ বিহুৰ উলহ মালহৰ মাজতে গহপুৰ, পদ্মপুৰৰ লংপুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। স্বামী গবিন্দ মাহাতুৱে ৰদৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ পত্নী পিৰীয়া মাহাতুক। প্ৰাপ্ত তথ্য অনুসৰি পাৰিবাৰিক কন্দলৰ বাবেই পাষণ্ড স্বামীয়ে ৰদৰে কোবাই কোবাই হত্যা কৰে পত্নীক। ইতিমধ্যে গহপুৰ আৰক্ষী ঘটনা স্থলীত উপস্থিতহৈ হত্যাকাৰীক আটক কৰাৰ লগতে মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
Tags:
CRIME & CRIMINAL