Share on Facebook

লখিমপুৰ জিলাৰ ঘূণাসুঁতিত গড়কাপ্তানি পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি। অনিৰ্দিষ্ট কালকৈ বন্ধ কৰিলে পথৰ কাম।

 খিমপু  জিলাৰ ঘূণাসুঁতিত  গড়কাপ্তানি পথ নিৰ্মাণৰ  ক্ষেত্ৰত  ব্যাপক দুৰ্নীতি। দুৰ্নীতি হোৱাৰ বাবে নিৰ্মাণৰ কাম বন্ধ কৰিলে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে।অনিৰ্দিষ্ট কালকৈ বন্ধ কৰিলে পথৰ কাম।

 



 লখিমপুৰ জিলাৰ ঘূণাসুঁতি - দৰগে সংযোগী প্ৰায় ৮ কিলোমিটাৰ পথ নিৰ্মাণক  লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে  ঘূণাসুঁতি ৰাইজৰ লগতে দল সংগঠনৰ।

ৰাজ্যিক স্ব: উন্নয়ন প্ৰাধান্য পূঁজি SCSP 2021-22 বৰ্ষৰ অধীনত ৯১১.২৯ কোটি টকাৰে  নিৰ্মাণ হবলগীয়া ঘূনাসুঁতি তিনিআলিৰ পৰা নামনি দৰগে সংযোগী ৮,১০ কিলোমিটাৰ পথত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।

উক্ত পথটো  ললিত আগৰৱালা নামৰ ঠিকাদাৰ জনে যেনেদৰে ফলা শিলৰ পৰা আদি কৰি নিৰ্মান কৰিব লাগিছিল তেনেদৰে নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে।



 এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত অতি নিম্ন মানদণ্ডৰে   শিল বালি মাটি  আদি দি নিৰ্মান কৰা হৈছে বুলি জানিব পৰা গৈছে ।

ললিত আগৰৱালা নামৰ ঠিকাদাৰ জনক দুৰ্নীতি হোৱাত আলোচনা কৰিবলৈ ৰাইজে মাতিছিল তেওঁ পলায় যোৱাৰো অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজৰ লগতে দল  সংগঠনে।

আজি সহকাৰী  অভিযন্তাই  এই স্থানত উপস্থিত হৈ দুৰ্নীতি হোৱাটো সত্য বুলি স্বীকাৰোক্তি কৰে 

সহকাৰী  অভিযন্তা সত্য সন্দিকৈয়ে ।

স্থানীয় ৰাইজে জানিবলৈ অনুসৰি এই পথতো নিৰ্মান হোৱাৰ ক্ষেত্ৰত যেনেদৰে পানী দি  ৰুলাৰ মাৰি ফলা শিলবোৰ দিব  লাগিছিল  তেনেদৰে নিৰ্মান  নকৰাকৈ ইটা লগোৱাৰ বাবে বন্ধ কৰি পুনৰ নিৰ্মাণৰ দাবী জনায় ঘূণাসুঁতি বাসী  ৰাইজে।

 তাৰ পিছতে এই  পথটোত পুনৰ ফলা শিল দি নিৰ্মান কৰিবলৈ দিয়া হব বুলি সহকাৰী  অভিযন্তা সত্য সন্দিকৈয়ে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰাৰ লগতে  কামটো বেয়া হোৱাৰ  স্বীকাৰ কৰা পৰিলক্ষিত হয়।

 তেওঁ সঠিক ৰূপত কাম কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি দিয়ে ।



MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم