২৫, ২৬, ২৭ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ মূল অধিৱেশন ।
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনখনি ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ৪,৫ আৰু ৬ তাৰিখৰ পৰিৱৰ্তে আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূল কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৫,২৬ আৰু ২৭, তথা ফাগুণৰ ১২,১৩ আৰু ১৪ তাৰিখ শুক্ৰ, শনি আৰু দেওবাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কোভিড পৰিস্থিতিৰ বাবে ইতিপূৰ্বে অধিৱেশনৰ কাম কাজ স্থগিত ৰখা হৈছিল। এতিয়াও প্ৰটক'ল অনুসৰি সীমিত পৰিসৰেৰে আৰু মিতব্যয়িতাৰে অনুষ্ঠিত কৰা হব এই অধিৱেশনভাগি ৷ উল্লেখ্য যে গ্ৰন্থমেলা আৰু প্ৰৰ্দশনি থাকিব যদিও বহিঃ বানিজ্যৰ কোনো ব্যৱস্থা নাথাকিব ৷ আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ নগাঁও মূল কাৰ্যালয়ত অনুষ্ঠিত মূল কাৰ্যনিৰ্বাহক সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই কথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাই যানিবলৈ দিয়ে ৷