ঢকুৱাখনাত ভণ্ড বাবাক গ্ৰেপ্তাৰ। বেমাৰ ভাল কৰা নামত ২০০ টকাকৈ সংগ্ৰহ প্ৰতিজন ৰোগীৰ পৰা।
ঢকুৱাখনাত এইবাৰ বাবা ওলাইছে। তেওঁ তন্ত্ৰ মন্ত্ৰ কৰি যিকোনো বেমাৰ ভাল কৰিব পাৰে। সেয়েহে দৈনিক শ শ ৰোগী আগমণ হয় বাবা ওচৰত বেমাৰ দেখুৱাবলৈ। বাবাৰ নাম হৈছে হিতেশ্বৰ বৰা। জানিব পৰা মতে বাবা ঘৰ শোণিতপুৰ জিলাৰ জামুগুৰিৰহাত ইটাখুলাৰ গাঁৱৰ। কিন্তু ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ পাৰঘালি গাঁৱৰ বিপিন ৰাজখোৱাৰ ঘৰত যোৱা ৬ মে পৰা বাঁহৰ পাতি গাঁৱৰ সহজ সৰল মানুহক পেৰেলাইছিছ, হাপানী, অন্যান্য গা বিষ, ভৰি বিষ, গেষ্টিক, ইত্যাদি বিভিন্ন ৰোগ জৰা ফুকা কৰি সম্পূৰ্ণ বেমাৰ আৰোগ্য কৰিব পাৰে বুলি অপ্ৰচাৰ কৰে। কিন্তু বাবাই ইয়াৰ নামত প্ৰত্যেকৰে পৰা সংগ্ৰহ কৰে ২০০ টকাকৈ। লাখ লাখ টকা এনেদৰে লুন্ঠন কৰি অৱশেষত বাবা জালত পৰিল। ঘিলামৰা আৰক্ষীয়ে আজি আটক কৰে এইজন ভণ্ড বাবাক।
উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত এই অপ্ৰচাৰত ভুল গৈ ঢকুৱাখনা, ঘিলামৰা অঞ্চলৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা যোৱা এমাহে বাবাৰ ওচৰত চিকিৎসা কৰিও আৰোগ্য নোহোৱাৰ ফলত স্থানীয় কিছু সচেতন লোকে আৰক্ষীক খবৰ দিয়া পিছতেই ঘিলামৰা আৰক্ষীয়ে এইজন ভণ্ড বাবাক আটক কৰিবলৈ সক্ষম হয়। নগদ বাবাজনৰ পৰা ৪৯ হাজাৰ ২৩৪ টকাৰ লগতে নিচা যুক্ত কিছু সামগ্ৰীয়ো জব্দ কৰে।